ETV Bharat / state

আমলখি দেওশালত মে-ডাম-মে-ফিত আহোমসকলে স্মৰণ কৰিলে পূৰ্বপুৰুষক

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 7:07 PM IST

Me Dam Me Phi in Assam: আজি পবিত্ৰ মে-ডাম-মে-ফি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আহোম জনগোষ্ঠীৰ লোকসকলে আজি পালন কৰিছে মে-ডাম-মে-ফি ।

Me Dam Me Phi in Assam
চৰাইদেউত মে-ডাম-মে-ফি
চৰাইদেউত মে-ডাম-মে-ফি

মৰাণ, ৩১ জানুৱাৰী: ৰাজ্যৰ টাই আহোমসকলে পূর্ব পুৰুষক পূজা কৰাৰ উদ্দেশ্যে আজি অনুষ্ঠিত কৰিছে মে-ডাম-মে-ফি । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি ঐতিহাসিক চৰাইদেউ আমলখি দেওশালত মে-ডাম-মে-ফি অনুষ্ঠিত কৰা হয় । অসম চৰকাৰৰ উদ্যোগত চৰাইদেউ লাকুৱাৰ ঐতিহাসিক আমলখি দেওশালত দুদিনীয়াকৈ কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হয় মে-ডাম-মে-ফি । চৰাইদেউ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত বুধবাৰে শেষৰটোত আজি পুৱাৰে পৰা অনুষ্ঠিত ধৰ্মীয় ৰীতি নীতিৰে পূজা-পাতলৰ লগতে অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচী ।

এই অনুষ্ঠানত উপস্থিত থাকে ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বড়া । মন্ত্ৰী দুগৰাকীয়ে ঐতিহাসিক আমলখি দেওশালত ৰাইজৰ সৈতে আহোমসকলে পূৰ্বপুৰুষক স্মৰণ কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে কামনা কৰা পূজা অৰ্চনাত অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে আজি তাই আহোম সকলৰ পৱিত্ৰ ধৰ্মীয় পৰম্পৰা 'মে-ডাম-মে-ফি'। এই অনুষ্ঠানত আহোমসকলে পূৰ্বপুৰুষক স্মৰণ কৰা লগতে বিশ্ব শান্তিৰ বাবে কামনা কৰে । এই পৰম্পৰাৰ জৰিয়তে উপৰিপুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগল কামনা কৰি জন-মিং অৰ্থাৎ আশীৰ্বাদ বিচৰা হয় ।

মে-ডাম-মে-ফিৰ অৰ্থ হ'ল মে মানে তৰ্পণ বা প্ৰাৰ্থনা, ডাম মানে পূৰ্বপুৰুষ বা মৃতক আৰু ফি মানে মৃতকৰ দেও । অৰ্থাৎ মৃতকৰ আশীৰ্বাদ বিচাৰি কৰা প্ৰাৰ্থনা । এই অনুষ্ঠানত আঠখন মেহেঙা অৰ্থাৎ শৰাই পাতি লেংডন দেৱতাকে ধৰি আঠজন ফিক উপাসনা কৰা হয় । প্ৰতিবছৰে আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন বিভিন্ন প্ৰান্তৰ দৰে চৰাইদেউ ঐতিহাসিক আমলখি দেওশালত অনুষ্ঠিত কৰি অহা হৈছে মে-ডাম-মে-ফি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ঐতিহাসিক আমলখি দেওশালত মে-ডাম-মে-ফিত অংশগ্ৰহণ কৰিবলৈ আহে ।

লগতে পঢ়ক:আমগুৰিত পৱিত্ৰ মে-ডাম-মে-ফি পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.