পৰম্পৰা ৰক্ষা কৰি ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উদযাপন মে-ডাম-মে-ফি

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 6:09 PM IST

thumbnail

ডিব্ৰুগড়, 31 জানুৱাৰী : ৰাজ্যৰ টাই আহোমসকলে পূৰ্ব পুৰুষসকলক পূজা কৰা উদ্দেশ্যে অনুষ্ঠিত কৰিছে  মে-ডাম-মে-ফি । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বুধবাৰে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উদযাপন কৰা হৈছে মে-ডাম-মে-ফি । চৰাইদেউৰ পবিত্ৰ মৈদাম ক্ষেত্ৰত আয়োজন কৰা হৈছে আহোমসকলৰ পৰম্পৰাগত পবিত্ৰ ধৰ্মীয় অনুষ্ঠানভাগ ।

উল্লেখ্য যে, আজি টাই আহোমসকলৰ পৱিত্ৰ ধৰ্মীয় পৰম্পৰা "মে-ডাম-মে-ফি"। এই অনুষ্ঠানত আহোমসকলে পূৰ্বপুৰুষক স্মৰণ কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে কামনা কৰে । এই পৰম্পৰাৰ জৰিয়তে উপৰিপুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ, সমাজৰ তথা দেশৰ মংগল কামনা কৰি জন-মিং অৰ্থাৎ আশীৰ্বাদ বিচৰা হয় ।

মে-ডাম-মে-ফিৰ সম্পূৰ্ণ অৰ্থটো হ’ল মে মানে তৰ্পণ বা প্ৰাৰ্থনা, ডাম মানে পূৰ্বপুৰুষ বা মৃতক আৰু ফি মানে মৃতকৰ দেও; অৰ্থাৎ মৃতকৰ আশীৰ্বাদ বিচাৰি কৰা প্ৰাৰ্থনা । এই অনুষ্ঠানত আঠখন মেহেঙা অৰ্থাৎ শৰাই পাতি লেংডন দেৱতাকে ধৰি আঠজন ফিক উপাসনা কৰা হয় । ঐতিহাসিক চৰাইদেউ মৈদামৰ অনুষ্ঠানত মে-ডাম-মে-ফিৰ পূজা অৰ্চনাত অংশগ্ৰহণ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।

লগতে পঢ়ক : আমগুৰিত পৱিত্ৰ মে-ডাম-মে-ফি পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.