তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড, অৰ্ধশতাধিক ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মীভূত

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 12:01 PM IST

thumbnail

তিনিচুকীয়া, 29 জানুৱাৰী : দেওবাৰে নিশা প্ৰায় 10 বজাত তিনিচুকীয়াত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড । ফলত চহৰখনৰ নিউ মাৰ্কেটৰ প্ৰায় অৰ্ধশতাধিক সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠান নিমিষতেই জুইত জাহ যায়।  কি কাৰণে জুইৰ সূত্ৰপাত হ’ল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অগ্নিকাণ্ডস্থলীৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগতেই অৱস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আছিল ৷ কিন্তু ঘটনাস্থলীত উপস্থিত হওঁতে খৱৰ দিয়াৰ পৰা আধা ঘণ্টা সময় লাগিল ৷

প্ৰায় আধা ঘণ্টাৰ পাচত দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও এখনত পানী নাই আৰু আনখনত মাত্ৰ পাঁচ মিনিটতে পানী শেষ হোৱাৰ বাবে জুয়ে বিধ্বংসী ৰূপ লয় । পৰৱৰ্তী সময় তিনিচুকীয়াৰ লগতে বাহিৰৰ পৰা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে কেইবাঘণ্টা ধৰি চলোৱা অহৰহ চেষ্টাৰ ফলত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীৰ লোক ৷

আনহাতে, নিশাই ঘটনাস্থলীত তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পাল আৰু জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় কোটি টকাৰ সম্পত্তি লোকচান হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : আলফা স্বাধীনৰ শিবিৰত ধৰা পৰা মানস বৰগোঁহাই এছ আই নহয়: আৰক্ষীৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.