লংকাৰ ঝাৰবস্তিত ভয়ংকৰ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 1:15 PM IST

Updated : Jan 30, 2024, 2:41 PM IST

thumbnail

হোজাই,৩০ জানুৱাৰী: হোজাইৰ লংকাত ভয়ংকৰ অগ্নিকাণ্ড । নিশাৰ ভাগত হোৱা অগ্নিকাণ্ডত লংকাৰ ডাবলঙৰ ঝাৰবস্তিত জাহ গ'ল এজন লোকৰ বাসগৃহ । জানিব পৰা অনুসৰি বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । নিশা আহাৰ গ্ৰহণ কৰি সকলো শুই থকা অৱস্থাতে সংঘটিত হোৱা অগ্নিকাণ্ডত কথমপি প্ৰাণৰক্ষা পৰে গৃহস্থৰ । ঘটনাস্থলীত ২খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হোৱাৰ পূৰ্বেই দাও দাওকৈ জ্বলি উঠা জুইত বাসগৃহটোৰ লগতে সকলো বয়-বস্তু সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ যায় ।  

দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা জঙছেদ আলিয়ে ঘৰৰ ভিতৰত জমা কৰি থোৱা প্ৰায় ১০০ মোন ধানো জুইত জাহ যায় । অগ্নিকাণ্ডত প্ৰায় ৪/৫ লাখ টকাৰ সা-সম্পত্তি ধ্বংস হোৱা বুলি জানিব পৰা গৈছে । অগ্নিনিৰ্বাপক বাহিনীৰ বাহন বহু পলমকৈ অহাৰো অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ স্থানীয় লোকে ।

লগতে পঢ়ক: চকুৰ পচাৰতে দাওদাওকৈ জ্বলিল 6 খনকৈ বিপনি

Last Updated : Jan 30, 2024, 2:41 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.