লংকাৰ ঝাৰবস্তিত ভয়ংকৰ অগ্নিকাণ্ড - Fire in hojai

🎬 Watch Now: Feature Video

thumbnail
লংকাৰ ঝাৰবস্তিত ভয়ংকৰ অগ্নিকাণ্ড (undefined)

By ETV Bharat Assamese Team

Published : January 30, 2024 at 1:15 PM IST

|

Updated : January 30, 2024 at 2:41 PM IST

1 Min Read
Choose ETV Bharat

হোজাই,৩০ জানুৱাৰী: হোজাইৰ লংকাত ভয়ংকৰ অগ্নিকাণ্ড । নিশাৰ ভাগত হোৱা অগ্নিকাণ্ডত লংকাৰ ডাবলঙৰ ঝাৰবস্তিত জাহ গ'ল এজন লোকৰ বাসগৃহ । জানিব পৰা অনুসৰি বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । নিশা আহাৰ গ্ৰহণ কৰি সকলো শুই থকা অৱস্থাতে সংঘটিত হোৱা অগ্নিকাণ্ডত কথমপি প্ৰাণৰক্ষা পৰে গৃহস্থৰ । ঘটনাস্থলীত ২খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হোৱাৰ পূৰ্বেই দাও দাওকৈ জ্বলি উঠা জুইত বাসগৃহটোৰ লগতে সকলো বয়-বস্তু সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ যায় ।  

দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা জঙছেদ আলিয়ে ঘৰৰ ভিতৰত জমা কৰি থোৱা প্ৰায় ১০০ মোন ধানো জুইত জাহ যায় । অগ্নিকাণ্ডত প্ৰায় ৪/৫ লাখ টকাৰ সা-সম্পত্তি ধ্বংস হোৱা বুলি জানিব পৰা গৈছে । অগ্নিনিৰ্বাপক বাহিনীৰ বাহন বহু পলমকৈ অহাৰো অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ স্থানীয় লোকে ।

লগতে পঢ়ক: চকুৰ পচাৰতে দাওদাওকৈ জ্বলিল 6 খনকৈ বিপনি

Last Updated : January 30, 2024 at 2:41 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details