চকুৰ পচাৰতে দাওদাওকৈ জ্বলিল 6 খনকৈ বিপনি

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 10:01 AM IST

thumbnail

আমগুৰি, ৩০ জানুৱাৰী : শিৱসাগৰ জিলাৰ আমগুৰি নগৰত নিশা বিধ্বংসী অগ্নিকাণ্ড ৷ আমগুৰিৰ কছাৰী লাইন তিনিআলিত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত 6 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় ৷ এই ঘটনাত প্ৰায় 40 লক্ষাধিক টকাৰ সম্পত্তি জাহ যায় ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত নিশা প্ৰায় 12 বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ 

স্থানীয় লোকে অগ্নিকাণ্ড প্ৰত্যক্ষ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ লগে লগে তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনী বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে ৷ প্ৰায় ডেৰ ঘণ্টাৰ অন্তত আমগুৰি অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় । এই ঘটনাৰ পিচতে দোকানকেইখনৰ স্বত্বাধিকাৰীকেইজনে মূৰে কঁপালে হাত দিছে ৷

লগতে পঢ়ক: প্ৰয়োজনত মৃত্যুবৰণ কৰিম, কিন্তু চুক্তিত চহী নকৰো: বিদ্যুৎ শইকীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.