তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড - Fire in Tinsukia

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 10:40 PM IST

thumbnail

তিনিচুকীয়া, ২৭ মাৰ্চ: বুধবাৰে সন্ধিয়া তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটো ইমানেই বিধ্বংসী আছিল যে নিমিষতে জাহ যায় সাতটাতকৈয়ো অধিক বাসগৃহ ৷ স্থানীয় ৰাইজে জনোৱা অনুসৰি বাহাদুৰ চাৰিআলিৰ ৰাজেন্দ্ৰ শ্বাহ, জগদীশ শ্বাহ, ৰাজকুমাৰ লক্ষ্মণ, মুন্না প্ৰধান নামৰ লোককেইজনৰ বাসগৃহৰ লগতে কানু প্ৰধানৰ হোটেলো চানি ধৰে জুইৰ লেলিহান শিখাই ৷  

পৰৱৰ্তী সময়ত তিনিচুকীয়া আৰু দুলীয়াজানৰ কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে বহু সময় ধৰি চলোৱা অহৰহ চেষ্টাৰ ফলত অগ্নি নিৰ্বাপন হয় যদিও সাতটাতকৈ অধিক বাসগৃহ ভস্মীভূত হয় ৷ উল্লেখযোগ্য যে, বাহাদুৰ চাৰিআলিৰ ৰে'ল লাইনত ৰে'লগেট বন্ধ থকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন প্ৰায় ১৫ মিনিটকৈ অধিক সময় আবদ্ধ হৈ পৰাৰ বাবে জুয়ে বিধ্বংসী ৰূপ লয় ৷ 

লগতে পঢ়ক: গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ সত্তৰোৰ্ধৰ ব্যক্তিৰ মৃতদেহ - DEADBODY RECOVERED

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.