বঙাইগাঁৱত বিধ্বংসী অগ্নিকাণ্ডত 18 খনকৈ দোকান ভস্মীভূত - ভয়ংকৰ অগ্নিকাণ্ড
🎬 Watch Now: Feature Video


Published : January 29, 2024 at 12:18 PM IST
মাণিকপুৰ, 29 জানুৱাৰী: বঙাইগাঁও জিলাৰ কীৰ্তনপাৰা বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় 18 খনকৈ দোকান ভস্মীভূত হয় । বৈদ্যুতিক শ্বৰ্ট চাকিৰ্টৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । অগ্নিকাণ্ডৰ ফলত প্ৰায় 10 কোটি টকাৰ সা-সামগ্ৰী ভস্মীভূত হোৱাৰ সন্দেহ কৰিছে ।
অগ্নিনিৰ্বাপক বাহিনীৰ ৫ খনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় । অগ্নিকাণ্ডৰ ফলত আনন্দ সৰকাৰ, ৰঞ্জন আৰ্য, মালেকউদ্দিন, পৰেশ সৰকাৰ, প্ৰসেনজিৎ দাস, বুদ্ধি আলী, হাফিজুৰ ৰহমান, চাফিউৰ ৰহমান, ভোলানাথ আৰ্য, বাদশ্বাহ মিঞা, ছাত্তাৰ আলী, ৰামজয় দাস, শহিদুল ইছলাম, মকিবুল ইছলাম, অজিৎ আৰ্য, শুকুৰ আলীসহ 18 গৰাকী লোকৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷
ইয়াৰ বিপৰীতে, প্ৰায় 30 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হয় ।
লগতে পঢ়ক: Man died due to short circuit in Nalbari : মুকালমুৱাত বিদ্যুৎস্পৃষ্ট হৈ নিহত এজন