Man died due to short circuit in Nalbari : মুকালমুৱাত বিদ্যুৎস্পৃষ্ট হৈ নিহত এজন

By

Published : Jan 27, 2023, 4:46 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নলবাৰী, ২৭ জানুৱাৰী : গণৰাজ্য দিৱসৰ দিনাই নলবাৰীত অঘটন ৷ নলবাৰীৰ মুকালমুৱাৰ ৩ নং বৰবালাত সংঘটিত হয় এক কৰুণ ঘটনা । দমকল বহুৱাই থকা অৱস্থাতে বিদুৎস্পৃষ্ট হৈ এজন লোক নিহত (Man died due to short circuit in Nalbari) হয় আৰু আন এজন লোক গুৰুতৰভাৱে আহত হয় (Man injured at Mukalmua due to short circuit) । নিহত লোকজনৰ নাম শুকুৰ আলী আৰু গুৰুতৰভাৱে আহত লোকজনৰ নাম ফুলবৰ আলী বুলি জানিব পৰা গৈছে ।

ঘটনাৰ বিৱৰণি অনুসৰি, বৃহস্পতিবাৰৰ দিনা ৩ নং বৰবালাৰ ফুলবৰ আলীৰ ঘৰত শুকুৰ আলীয়ে দমকল বহুৱাই আছিল ৷ দমকল বহুৱা স্থানৰ ওপৰেৰে এডাল বিদ্যুৎ পৰিবাহী তাঁৰ পাৰ হৈ গৈছিল ৷ অৱশ্য সেই কথালৈ মন কৰা নাছিল শুকুৰ আলীয়ে ৷

লগতে পঢ়ক : Gang rape at Basistha : গুৱাহাটীৰ বশিষ্ঠত দহ যুৱকৰ কামনাৰ বলি এগৰাকী যুৱতী

কাম কৰি থকাৰ মাজতে হঠাৎ শুকুৰ আলীয়ে দমকলৰ পাইপৰ ওপৰেৰে যোৱা বিদুৎ পৰিবাহী তাঁৰত স্পৰ্শ কৰে । ফলত শুকুৰ আলী থিতাতে নিহত হয় ৷ ইফালে শুকুৰ আলীক বচাবলৈ যাওঁতে ঘৰৰ গৰাকী ফুলবৰ আলীও গুৰুতৰভাৱে আহত হয় (Mukalmua short circuit incident)।

পৰৱৰ্তী সময়তে শুকুৰ আলী আৰু ফুলবৰ আলীক পৰিয়ালৰ লোকে ততাতৈয়াকৈ মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসালয় পোৱাৰ আগতেই শুকুৰ আলীৰ মৃত্যু হৈছে বুলি ঘোষণা কৰে চিকিৎসকে ৷ আনহাতে, গুৰুতৰভাৱে আহত ফুলবৰ আলীক মুকালমুৱা চিকিৎসালয়ৰ (Mukalmua Hospital) পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : Allegations against BJP leader: কংগ্ৰেছ নেত্ৰীৰ গৃহলৈ শিলাবৰ্ষণ বিজেপি নেতাৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.