মাজনিশা হঠাৎ লগা জুইত জাহ গ’ল ৭ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 5:01 PM IST

thumbnail

কোকৰাঝাৰ, ১১ ফেব্ৰুৱাৰী : কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ভাটিপাৰাত শনিবাৰে নিশা ১.০০ মান বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডৰ ফলত চাহৰ দোকান, গেলামালৰ দোকান, হাৰ্ডৱেৰকে ধৰি ৭ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় । 

স্থানীয় ব্যৱসায়ীসকলে সন্দেহ কৰা মতে, চাহৰ দোকানৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । ফলত চাহৰ দোকানখনৰ লগতে থকা আন আন ব্যৱসায়িক প্ৰতিষ্ঠানলৈও জুইৰ লেলিহান শিখা সম্প্ৰসাৰিত হয় । ইয়াৰ মাজতে দোকানৰ ভিতৰত মজুত ৰখা এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত এই অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ লয় । 

এই ঘটনাৰ পিচতে, স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পাচতেই ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় যদিও ইতিমধ্যে জুয়ে ৭ খনকৈ দোকান ভষ্মীভূত কৰে ৷ এই অগ্নিকাণ্ডৰ ফলত বহু লাখ টকাৰ ক্ষয়-ক্ষতি হৈছে বুলি ভুক্তভোগী ব্যৱসায়ীসকলে সদৰী কৰিছে । উল্লেখ্য যে, চাহ দোকানত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: বিহালীত জিঅ' বেগ আঁচনিৰ কাষতেই বালি মাফিয়াৰ অবৈধ খনন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.