কাটিগৰাত মৰেল পুলিচিঙৰ সৈতে জড়িত 5 জনক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 11:24 AM IST

thumbnail

শিলচৰ, 3 ফ্ৰেব্ৰুৱাৰী : কাছাৰৰ কাটিগৰাত সংঘটিত মৰেল পুলিচিঙৰ ঘটনাৰ লগত জড়িত পাঁচ যুৱক গ্ৰেপ্তাৰ । বৰ্তমানেও পলাতক হৈ আছে 20 জনৰো অধিক লোক ৷ উল্লেখ্য যে, দুদিন পূৰ্বে কাছাৰৰ কাটিগৰা মোহনপুৰত সংঘটিত হৈছিল মৰেল পুলিচিৰ ঘটনা । বাইক চোৰ সন্দেহত এগৰাকী যুৱকক চুলি কাটি দি গণপ্ৰহাৰ কৰিছিল ৰাইজে ৷

দুদিনৰ পাচত ঘটনাৰ সৈতে জড়িত 5 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা লোক কেইজন ক্ৰমে দিলওয়াৰ আহমেদ, আবুল হুছেইন, জিয়াবুৰ ৰহমান, ৰুবেল আলম আৰু শাহাজানুল ইছলাম । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৰেল পুলিচিঙৰ ঘটনাৰ সৈতে জড়িত 30 জনক চিনাক্ত কৰিছে । ইতিমধ্যে 30 জনৰ মাজত পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও এতিয়াও পলাতক হৈ আছে আন 25 জন ৷

লগতে পঢ়ক : আঠমঙলা খাই ওভতাৰ পথত দুৰ্বৃত্তই প্ৰহাৰ কৰিলে নৱ বিবাহিত দম্পত্তিক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.