ETV Bharat / state

আঠমঙলা খাই ওভতাৰ পথত দুৰ্বৃত্তই প্ৰহাৰ কৰিলে নৱ বিবাহিত দম্পত্তিক

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 10:38 AM IST

Kaliabor news : কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা ৷ আঠমঙলা খাই ওভতাৰ পথত দুৰ্বৃত্তই যাত্ৰীক ৰডেৰে প্ৰহাৰ কৰে ৷ লগতে মহিলাৰ অলংকাৰ কাঢ়ি নিয়া বুলিও জানিব পৰা গৈছে ৷

newly married couple thrashed by miscreants in kaliabor
আঠমঙলা খাই ওভতাৰ পথত দুৰ্বৃত্তই প্ৰহাৰ কৰিলে নৱ বিবাহিত দম্পত্তিক
আঠমঙলা খাই ওভতাৰ পথত দুৰ্বৃত্তই প্ৰহাৰ কৰিলে নৱ বিবাহিত দম্পত্তিক

কলিয়াবৰ, 3 ফ্ৰেব্ৰুৱাৰী : কলিয়াবৰ আৰক্ষী থানা এলেকাৰ 37 নং ৰাষ্ট্ৰীয়ঘাইপথত চাঞ্চল্যকৰ ঘটনা ৷ আঠমঙলা খাই ওভতাৰ পথত দুৰ্বৃত্তই যাত্ৰীক ৰডেৰে প্ৰহাৰ কৰাৰ লগতে মহিলাৰ অলংকাৰ কাঢ়ি নিয়া বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি, AS 05 R 2555 নম্বৰৰ ইন’ভা বাহনেৰে গুৱাহাটীত আঠমঙলা খাই সৰুপথাৰলৈ বুলি গৈ আছিল নৱ বিবাহিতা দম্পতীসহ পাঁচজনীয়া এটা দল ।

কলিয়াবৰ মিছা পাৰ হোৱাৰ পাচতেই AS 02 AL 6656 নম্বৰৰ বেলেন' বাহনখনে আগভেটি ধৰে ইনভা বাহনখনক । হঠাৎ বাহনখনে আগভেটি ধৰাত ইনভাখনে নিয়ন্ত্ৰণ হেৰুৱাই বেলেন' খনত সামান্য খুন্দা মাৰে । তাৰ পাচতেই বাহনৰ পৰা লোৰ ৰড উলিয়াই ইন'ভা বাহনত থকা তিনিজন যাত্ৰীক প্ৰহাৰ কৰে লগতে বাহনখনো লৈ যোৱাৰ চেষ্টা কৰে দুৰ্বৃত্তই ।

আনকি ইন’ভা বাহনত থকা মহিলাগৰাকীৰ গাত হাত দিয়াৰ লগতে আ-অলংকাৰ নিয়াৰ চেষ্টা কৰে দুৰ্বৃত্তই ৷ অৱশ্যে ইন’ভাখনত থকা যাত্ৰীসকলে চিঞৰ-বাখৰ কৰাত স্থানীয় লোক আগবাঢ়ি আহে ৷ লগে লগে দুৰ্বৃত্তৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে । স্থানীয় লোকৰ তৎপৰতাত আহত আটাইকেইজনকে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে ৷

উল্লেখ‍্য যে, মাত্ৰ দুদিনৰ পূৰ্বে উক্ত এলেকাৰ পৰা নিশা এখন তামোল ভৰ্তি বলেৰ' বাহন হাইজেক কৰি লৈ যায় দুৰ্বৃত্তৰ দলে । ইয়াৰ পূৰ্বে কেইবাখনো গৰু ভৰ্তি বাহন উক্ত এলেকাৰ পৰাই হাইজেক কৰি লৈ গৈছে দুৰ্বৃত্তই । কিন্তু এই ক্ষেত্ৰত আৰক্ষী সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ থকা দেখা গৈছে । বিশেষকৈ নিশাৰ ভাগত মিছা আৰক্ষী চকীৰ আৰক্ষীয়ে মিছাত আৰু কলিয়াবৰ আৰক্ষী থানাৰ আৰক্ষীয়ে কলিয়াবৰ তিনিআলিত ধন সংগ্ৰহত ব‍্যস্ত থকাৰহে অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : গুৰুজনাৰ সৃষ্টিৰ দিশটোক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰৰ কৰাৰ আহ্বান ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.