সোণাৰিত জ্বলিল মনোজ কুমাৰ গোস্বামীৰ পুত্তলিকা

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 4:10 PM IST

thumbnail

সোণাৰি,২৮ ফেব্ৰুৱাৰী: জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ এটা ফেচবুক প'ষ্টে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যত । আহোমৰ ৰাজ শাসনক প্ৰসংগত বিতৰ্কিত মন্তব্য কৰাক লৈ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ বিৰুদ্ধে সৰৱ হৈছে বিভিন্ন দল-সংগঠন । জ্যেষ্ঠ সাংবাদিক গোস্বামীৰ বিৰুদ্ধে ক্ষোভিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে সোণাৰিত জ্যেষ্ঠ সাংবাদিকগৰাকীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।  

আহোম জনগোষ্ঠীক বাৰম্বাৰ তুচ্ছ তাছিল্য কৰি থাকিলে সহ্য কৰা নহ'ব বুলি সকীয়নি প্ৰদান কৰে সংগঠনটোৱে । শীঘ্ৰেই ক্ষমা নুখুজিলে মনোজ কুমাৰ গোস্বামীক সমুখ সমৰত অৱতীৰ্ণ হ'বলৈ প্ৰত্যাহ্বান আটাছুৰ । উল্লেখ্য যে কেইটামান দিনৰ পূৰ্বেই সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে সামাজিক মাধ্যমত লিখা এটা প'ষ্টৰ পাচতেই সৰৱ হৈ উঠিছে আটাছু । আহোম জনগোষ্ঠীক তুচ্ছ-তাছিল্য কৰাৰ অভিযোগ উত্থাপন কৰি মনোজ কুমাৰ গোস্বামীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনসমূহে । 

লগতে পঢ়ক: বৰপেটা চিভিল হাস্পতালত ছিণ্ডিকেটৰাজৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.