ETV Bharat / state

বৰপেটা চিভিল হাস্পতালত ছিণ্ডিকেটৰাজৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 11:45 AM IST

Allegations of syndicate at Barpeta Civil Hospital
বৰপেটা চিভিল হাস্পতালত ছিণ্ডিকেটৰাজৰ অভিযোগ

Barpeta Civil Hospital: কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক-নাৰ্চৰ অৰাজকতা । চিকিৎসালয়ত একাংশ নাৰ্চে টকাৰ বিনিময়ত ছিণ্ডিকেট চলোৱাৰ অভিযোগ । অধীক্ষকক কেৰেপ নকৰে একাংশ নাৰ্চে । অতি শীঘ্ৰেই নিলম্বনৰ দাবী অভিভাৱক-ৰাইজৰ ।

বৰপেটা চিভিল হাস্পতালত ছিণ্ডিকেটৰাজৰ অভিযোগ

জনীয়া,২৮ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ পাছতো একাংশই বৰ্তমানেও কেৰেপ কৰা নাই । কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ছিণ্ডিকেটৰাজ চলাৰ অভিযোগ । একাংশ নাৰ্চে কেৰেপ নকৰে চিকিৎসালয়ৰ অধীক্ষকক । মোটা অংকৰ ধনৰ বিনিময়ত কেবিন বুকিঙৰ অভিযোগ চিকিৎসালয়খনত কৰ্মৰত নাৰ্চৰ বিৰুদ্ধে । কেবিনৰ কোঠালিসমূহ টকাৰ বিনিময়ত ফিৰোজা খাতুন নামৰ নাৰ্চগৰাকীয়ে আগতীয়াকৈ বুকিং কৰি ৰখাৰ অভিযোগ ।

জানিব পৰা মতে বৰপেটা জিলাৰ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত মঙলবাৰে এগৰাকী গৰ্ভৱতী মহিলাৰ অস্ত্ৰোপচাৰ কৰাৰ পিছত চিকিৎসকে কেবিনত ভৰ্তি কৰোৱাৰ পৰামৰ্শ দিয়ে । কিন্তু ৰোগীৰ অভিভাৱকে কেবিনৰ কোঠালি বুকিং কৰিবলৈ দায়িত্বত থকা ফিৰোজা খাতুন নামৰ নাৰ্চগৰাকীৰ কাষ চাপে যদিও কোনো কোঠা খালি নাই বুলি জনায় ।

পিছে অভিভাৱকে এটা কোঠালি খালি থকা বুলি অৱগত কৰাৰ পিছতো আগতীয়াকৈ বুকিং কৰা আছে বুলি জানিবলৈ দিয়ে । উপায়ন্তৰ হৈ অভিভাৱকে চিকিৎসালয়ৰ অধীক্ষকক ফোনযোগে উক্ত বিষয়ে অৱগত কৰে যদিও নাৰ্চে অধীক্ষকৰ কথাত ভ্ৰূক্ষেপ নকৰি চিকিৎসালয়ৰ পৰা পলায়ন কৰাৰ লগতে মোবাইলৰ যোগাযোগ বন্ধ কৰি দিয়ে । লগে লগে উক্ত ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

উত্তেজিত ৰাইজে এখন চৰকাৰী চিকিৎসালয় একাংশ নাৰ্চৰ পৈত্ৰিক সম্পত্তি নহয় বুলি তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে চিকিৎসালয়খনত ধনৰ লেনদেনত নাৰ্চে ছিণ্ডিকেট চলাই আছে বুলি ক্ষোভ প্ৰকাশ কৰে । ক্ষোভিত ৰাইজে চিকিৎসালয়খনত চলি থকা ছিণ্ডিকেটৰাজ বন্ধ কৰাৰ লগতে এনে দুৰ্নীতিগ্ৰস্ত নাৰ্চক অতি শীঘ্ৰেই নিলম্বনৰ দাবী জনায় ।

লগতে পঢ়ক:চহী জালিয়াতি কৰাৰ অভিযোগ আক্ৰাছুৰ চাৰিটা ফৈদৰ সভাপতিৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.