ETV Bharat / state

চহী জালিয়াতি কৰাৰ অভিযোগ আক্ৰাছুৰ চাৰিটা ফৈদৰ সভাপতিৰ বিৰুদ্ধে

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 8:42 PM IST

AAKRSU PC: দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি আক্ৰাছুৰ চাৰিটা ফৈদৰ সভাপতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে আক্ৰাছুৰ নেতৃত্ব । আক্ৰাছুৰ সাধাৰণ সম্পাদককে আদি কৰি আক্ৰাছুৰ নেতৃবৃন্দই সভাপতিসকলৰ কাৰ্যক ধিক্কাৰ প্ৰদান কৰি সংবাদমেল যোগে এনে কাৰ্যৰ পুনৰাবৃত্তি নকৰিবলৈ সকীয়নি প্ৰদান কৰে ।

AAKRSU presidents accused of forgery of signatures
চহী জালিয়াতি কৰাৰ অভিযোগ আক্ৰাছুৰ চাৰিটা ফৈদৰ সভাপতিৰ বিৰুদ্ধে

চহী জালিয়াতি কৰাৰ অভিযোগ আক্ৰাছুৰ চাৰিটা ফৈদৰ সভাপতিৰ বিৰুদ্ধে

গুৱাহাটী,২৭ ফেব্ৰুৱাৰী: মঙলবাৰে মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি আক্ৰাছুৰ চাৰিটা ফৈদৰ সভাপতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে আক্ৰাছুৰ বিষয়ববীয়াসকল । আক্ৰাছুৰ সাধাৰণ সম্পাদক পার্থজ্যোতি বৰা, সোণধৰ ৰায়কে ধৰি নেতৃবৃন্দই তীক্ষ্ণ বাক্যবাণেৰে থকা-সৰকা কৰে সভাপতিসকলক । সংবাদমেল সম্বোধন কৰি পার্থজ্যোতি বৰাই মন্তব্য কৰি কয় যে, আক্ৰাছুক একত্ৰীকৰণ কৰাৰ লক্ষ্যৰে আজিৰ পৰা দুই বছৰ পূর্বে আক্ৰাচুৰ চাৰিটা ফৈদ এখন মঞ্চত সমবেত হৈছিল ।

কিন্তু আক্ৰাছুৰ আটাইকেইটা ফৈদৰ সভাপতিয়ে সম্প্রতি ষড়যন্ত্রমূলকভাৱে সংগঠনটো একত্রীকৰণত বাধা প্রদান কৰি আহিছে । তেওঁ লগতে কয় যে, কিছুদিন পূর্বে সংগঠনটোৰ সভাপতি কেইগৰাকীৰ নেতৃত্বত কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত চচলত এশঘণ্টীয়া অনশন কার্যসূচী ৰূপায়ণ হ'ল যদিও সেয়া আছিল তেওঁলোকৰ ৰাইজৰ চকুত ধূলি দিয়াৰ এক অভিসন্ধি ।

  • " class="align-text-top noRightClick twitterSection" data="">

কাৰণ এই কাৰ্যসূচীৰ বিষয়ে চাৰিওটা সংগঠনৰ কার্যনির্বাহকত কোনো সিদ্ধান্ত গ্রহণ কৰা হোৱা নাছিল । তদুপৰি কোনো এগৰাকী সম্পাদক তথা কার্যনির্বাহক সদস্যই এই কার্যসূচীৰ প্রতি জ্ঞাত নাছিল । অনশনৰ কাৰ্যসূচীৰ পিছত সভাপতি কেইগৰাকীয়ে যোৱা ২৬ ফেব্ৰুৱাৰীত দিছপুৰত মুখ্যমন্ত্রীৰ সৈতে আলোচনাত মিলিত হৈ আন্দোলন প্রত্যাহাৰ কৰা ঘটনাই তেওঁলোকে যে চৰকাৰৰ সৈতে গোপন বুজাপৰা কৰিছে সেয়া ওলাই পৰিছে বুলি মন্তব্য কৰে বৰাই ।

আনহাতে, উক্ত আলোচনাত সভাপতি কেইগৰাকীয়ে মুখ্যমন্ত্ৰীৰ ওচৰত আক্রাছুৰ হৈ যিখন স্মাৰক পত্ৰ প্রদান কৰিলে তাতো তেওঁলোকে চহী জালিয়াতি কৰাৰো অভিযোগ উত্থাপন কৰে । এই সম্পূৰ্ণ কাৰ্যক ধিক্কাৰ দিয়ে সংবাদমেলত । চহী জালিয়াতি কৰা কাৰ্যত দুখ প্ৰকাশ কৰে । অনাগত দিনত এনে কাৰ্যৰ পুনৰাবৃত্তি হ'লে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়নী প্ৰদান কৰে সংবাদমেলত ।

লগতে পঢ়ক: দল-সংগঠনক টায়াৰ বিক্ৰী কৰিব নোৱাৰিব ব্যৱসায়ীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.