ৰহস্যজনকভাৱে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱকৰ সৈতে নাম সাঙোৰ খাই পৰিল মানস চলিহাৰ

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 4:27 PM IST

thumbnail

ধেমাজি, 5 ফেব্ৰুৱাৰী :  মানস চলিহাকাণ্ডৰ এক নতুন মোৰ ৷ বিতৰ্কই লগ নেৰা হৈছে মানস চলিহাক ৷ এটা দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা ধেমাজিৰ সিদ্ধাৰ্থ বৰগোহাঁইৰ সৈতে এতিয়া নাম সাঙোৰ খাই পৰিছে মানস চলিহাৰ ৷ মানস চলিহা নিজৰ কু-কৰ্মৰে চৰ্চালৈ অহাৰ পাচতেই সিদ্ধাৰ্থ বৰগোহাঁইৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ বৰপুত্ৰৰ সৈতে ব্যৱসায়ৰ খাতিৰত মানস চলিহা জড়িত আছিল বুলি জানিবলৈ দিয়ে ৷

পিতৃ-মাতৃৰ ভাষ্য অনুসৰি সিদ্ধাৰ্থ বৰগোহাঁইক প্ৰায় ৩০ লক্ষাধিক টকা ঘূৰাই দিয়া নাছিল মানস চলিহাই ৷ টকা বিচাৰি সিদ্ধাৰ্থই বহুবাৰ মানসক ফোন কৰিছিল ৷ মানস চলিহাই ব্যৱসায়ত এই টকা খৰচ কৰে বুলি ঘুৰাই দিয়া নাছিল সিদ্ধাৰ্থক ৷ ইয়াৰ মাজতে ৰহস্যজনকভাৱে দুৰ্ঘটনাত মৃত্যু হৈছিল সিদ্ধাৰ্থ বৰগোহাঁইৰ ৷ শেহতীয়াকৈ মানস চলিহা গ্ৰেপ্তাৰৰ পাচতেই সিদ্ধাৰ্থৰ পিতৃ-মাতৃয়ে সিদ্ধাৰ্থৰ মৃত্যুক এক পৰিকল্পিত হত্যা বুলি সন্দেহ কৰিছে ৷ সিদ্ধাৰ্থক দিবলৈ থকা বৃহৎ অংকৰ ধনৰ বাবেই এই হত্যা কৰা হৈছে বুলি পিতৃ-মাতৃয়ে সন্দেহ কৰি শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক : আজি চি জে এম আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা বিতৰ্কিত মানসক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.