ETV Bharat / state

আজি চি জে এম আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা বিতৰ্কিত মানসক

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 11:02 AM IST

Manash Chaliha controversy: আজি চি জে এম আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা বিতৰ্কিত মানস চলিহাক । দেওবাৰৰ নিশা গুৱাহাটীলৈ অনা হৈছিল চলিহাক ।

Controversial Manash Chaliha
আজি চি জে এম আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা বিতৰ্কিত মানসক

গুৱাহাটী, 5 ফেব্ৰুৱাৰী: দেওবাৰে নিশা গুৱাহাটীলৈ অনা হ’ল বিতৰ্কিত মানস চলিহাক । শনিবাৰে পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ এখন হোটেলত‌ আত্মগোপন কৰি থকা অৱস্থাত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিতৰ্কিত চলিহাক । গ্ৰেপ্তাৰৰ পিচতেই পশ্চিমবংগৰ পৰা মানস চলিহাক লৈ অনা হৈছিল কোকৰাঝাৰলৈ ।

কোকৰাঝাৰত স্বাস্থ্য পৰীক্ষা কৰা হয় চলিহাৰ । ইয়াৰ পিচতে অপৰাধ শাখাৰ এটা দলে গুৱাহাটীলৈ লৈ আনে বিতৰ্কিত মানস চলিহাক । সম্প্ৰতি দিশপুৰ আৰক্ষী থানাত মানস চলিহাক ৰখা হৈছে বুলি জানিব পৰা গৈছে । সোমবাৰে মুখ্য ন্যায়িক দণ্ডাধীশ আদালত চমুকৈ চি জে এম আদালতত হাজিৰ কৰোৱাৰো সম্ভাৱনা আছে মানসক ।

Controversial Manash Chaliha
বিতৰ্কিত মানস চলিহা

উল্লেখ্য যে, আলফা(স্বা)ৰ শিবিৰত গুপ্তচৰ বুলি ধৰা পৰা মানস বৰগোঁহাই নামৰ যুৱকজনে এটাৰ পিচত এটাকৈ বিস্ফোৰণ ঘটাই থকাৰ মাজতে পোহৰলৈ আহিল মানস চলিহা নামৰ বিতৰ্কিত লোকজনৰ এক প্ৰৱঞ্চনাৰ গোচৰ ।

ইয়াৰ পিছতে এটাৰ পিচত আনটো কেলেংকাৰী, প্ৰৱঞ্চনাৰ তথ্য পোহৰলৈ আহিবলৈ ধৰে । মানস চলিহাই এগৰাকী ব্যৱসায়ীৰ পৰা 8.5 লাখ টকা প্ৰৱঞ্চনাৰে সৰকাইছিল বুলিও অভিযোগ আছে । এই অভিযোগৰ ভিত্তিত দিশপুৰ থানাত 1361/22 ৰ অধীনত এটি গোচৰ ৰুজু হৈছিল । এই পুৰণি গোচৰটোৰ ভিত্তিতেই মানসক গ্ৰেপ্তাৰ কৰা হয় ।

আৰক্ষীয়ে পুৰণি ফাইল খোলাৰ পিচতে পলাতক হৈ পৰিছিল বিতৰ্কিত মানস চলিহা । গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা সময়ত চলিহাই যোৰাবাটৰ পৰা মেঘালয়ৰ দিশে লৈ যায় তেওঁৰ বাহনখন । মেঘালয়ৰ পৰা বিতৰ্কিত মানস চলিহাই গাৰো পাহাৰ হৈ গোৱালপাৰাৰ মাজেৰে গৈ পশ্চিমবংগত আত্মগোপন কৰে । পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত মানসক অসম আৰক্ষীয়ে পশ্চিমবংগ আৰক্ষীৰ সহায়ত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: দেওবাৰে গুৱাহাটীলৈ অনা হ’ব মানস চলিহাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.