হোজাইৰ মাতৃহন্তা পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 10:24 PM IST

thumbnail

হোজাই, 30 জানুৱাৰী: দুটা বছৰৰ পূৰ্বে হোজাইত মাতৃক হত্যা কৰা পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে ৷ মঙলবাৰে হোজাইৰ শংকৰদেৱ নগৰস্থিত সত্ৰ ন্যায়ধীশ আদালতে উক্ত ৰায়দান প্ৰদান কৰিছে ।

উল্লেখ্য যে 2021 চনৰ ২৪ জানুৱাৰীত ডবকাৰ হালধীআটি অঞ্চলত হাৰেজ আলী নামৰ এজন ব্যক্তিয়ে নিজ মাতৃ হাচনা বানুক দাৰে ঘপিয়াই হত্যা কৰিছিল । পৰৱৰ্তী সময়ত হাৰেজ আলীৰ ভাতৃয়ে ডবকা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । উক্ত এজাহাৰৰ ভিত্তিত ডবকা আৰক্ষীয়ে ৪৪/২২ ত এটা গোচৰ পঞ্জীয়ন কৰি পদকীয়া হাৰেজ আলীক গ্ৰেপ্তাৰ কৰিছিল ।

১০ গৰাকী চৰকাৰী সাক্ষীৰ শুনানি গ্ৰহণৰ পাছত আজি শংকৰদেৱ নগৰ আদালতে হাৰেজ আলীক সশ্ৰম কাৰাদণ্ড দিয়াৰ লগতে ১০ হাজাৰ টকা জৰিমনা বিহে ।

লগতে পঢ়ক: হোজাইত জালনোটসহ বাহন জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.