মাতৃহন্তা যুৱকক যাৱজ্জীৱন কাৰাদণ্ড-১০ হাজাৰ টকাৰ জৰিমনা

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 5:36 PM IST

thumbnail

মাজুলী, 25 জানুৱাৰী : বৃহস্পতিবাৰে মাজুলী জিল‍া আৰু সত্ৰ ন্যায়ধীশ আদালতে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰে ৷ মাতৃহন্তা যুৱকক যাৱজ্জীৱন কাৰাদণ্ড আৰু 10 হাজাৰ টকাৰ জৰিমনা বিহে মাজুলী জিল‍া আৰু সত্ৰ ন্যায়ধীশৰ আদালতে ৷ যোৱা 2023 বৰ্ষৰ 15 আগষ্টৰ দিনা সত্ৰপীঠ মাজুলীৰ যোৰবিল গাঁৱত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল । 

যোৰবিল গাঁৱৰ ৰাহুল কাকতি নামৰ এজন যুৱকে নিজ মাতৃক নিজ বাসগৃহতে হানি-খুচি হত্যা কৰিছিল  ৷ এই যুৱকজনৰ বিৰুদ্ধে মাজুলীৰ গড়মূৰ থানাত এই বিষয়ে এক গোচৰ ৰুজু হৈছিল । মাজুলী গড়মূৰ থানাৰ কেচ নম্বৰ 50/23 ভিত্তিত বৃহস্পতিবাৰে মাজুলী জিল‍া আৰু সত্ৰ ন্যায়ধীশ আদালতে যোৰবিল গাঁৱৰ ৰাহুল কাকতিক যাৱজ্জীৱন কাৰাদণ্ড আৰু 10 হাজাৰ টকাৰ জৰিমনা বিহে ।

লগতে পঢ়ক: গ্ৰামীণ বিকাশ বেংকৰ ৩৮ কোটিৰ কেলেংকাৰি: প্ৰিয়ংকাৰ সহযোগী দেৱাশীষ গগৈক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.