মাজুলীত পুনৰ গঁড়ৰ আক্ৰমণ: আহত এগৰাকী গোৱাল

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 8:14 PM IST

thumbnail

মাজুলী, 30 জানুৱাৰী: মাজুলীত পুনৰ সংঘটিত হৈছে গঁড়ৰ আক্ৰমণৰ ঘটনা । এইবাৰ গঁড়ৰ আক্ৰমণত গুৰুতৰভাবে আহত হ’ল বঙাল চাৰহ নামৰ এজন গোৱাল  । মাজুলীৰ দৰবাৰ চাপৰিত সংঘটিত হৈছে এই ঘটনা  ।

গঁড়ৰ আক্ৰমণত আহত হোৱা লোকজনৰ ঘৰ মাজুলীৰ চুমৈমাৰীত বুলি জানিব পৰা গৈছে । আহত বঙাল চাৰহক মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে  । পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে বঙাল চাৰহে টিকিৰাই চাপৰিত থকা গৰুখুঁটিলৈ গৈ থকা অৱস্থাতে উক্ত ঘটনা সংঘটিত হয় । ঘটনাটো সংঘটিত হয় মঙলবাৰে দিনৰ প্ৰায় 12:30 মান বজাত ৷ 

গঁড়ৰ আক্ৰমণত আহত হোৱা বঙাল চাৰহ নামৰ লোকজনে ভৰি আৰু মুখত আঘাত পাইছে  । জানিব পৰা মতে টিকিৰাই চাপৰিত তিনিটা গঁড়ে মুক্ত বিচৰণ কৰি আছে ৷

লগতে পঢ়ক: গোলাঘাট আৰক্ষীৰ জালত দুধৰ্ষ গঁড় চিকাৰী জগু পেগু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.