হাউলীত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত চাইকেল আৰোহী

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 10:13 AM IST

thumbnail

বৰপেটা, ৫ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ হাউলীত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী চাইকেল আৰোহীৰ । সোমবাৰে পুৱাই হাউলী জুনিয়ৰ কলেজৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা ৷ মৃত লোকজন হাউলীৰ লাচিত ৰোডৰ জয় কৃ্ষ্ণ শীল বুলি জানিব পৰা গৈছে ৷

জয় কৃ্ষ্ণ শীলে চাইকেল লৈ কামলৈ ওলাই যোৱাৰ অহাৰ সময়তে AS 28 C 9152 নম্বৰৰ তীব্ৰবেগী ডাম্পাৰখনে খুন্দা মাৰে ৷ ইতিমধ্যে ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ ডাম্পাৰখন জব্দ কৰিছে ৷ আৰক্ষীয়ে মৃত লোকজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷  উল্লেখ্য যে দীৰ্ঘদিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হাউলী চহৰত তীব্ৰবেগী ডাম্পাৰে সন্ত্রাসৰ সৃষ্টি কৰি আহিছে ।

লগতে পঢ়ক: খাৱৈত সোমাল তীব্ৰবেগী বাহন, 6 জন নিহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.