ETV Bharat / bharat

খাৱৈত সোমাল তীব্ৰবেগী বাহন, 6 জন নিহত

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 7:46 AM IST

Updated : Feb 5, 2024, 9:39 AM IST

Car accident: উত্তৰ প্ৰদেশৰ কানপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ খাৱৈত সোমাল এখন দ্ৰুতবেগী বাহন । এই দুৰ্ঘটনাত ছয়জন লোকৰ মৃত্যু হৈছে ৷

Car accident
খাৱৈত সোমাল তীব্ৰবেগী বাহন

নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী : বাহনৰ গতিবেগে মাতিলে কাল ৷ সোমবাৰে পুৱাই উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাটত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷ এখন দ্ৰুতবেগী ব্যক্তিগত বাহন খাৱৈত সোমাই যায় ৷ ফলত এই পথ দুৰ্ঘটনাত বাহনখনত থকা ছয়জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷

এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈছে ৷ আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷

কানপুৰ দেহাট জিলাৰ সিকন্দৰাস্থিত আৰক্ষী থানাৰ সন্দলপুৰৰ সমীপৰ জগন্নাথপুৰ গাঁৱৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হৈছিল ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, বাহনখনৰ গতিবেগ অনিয়ন্ত্ৰিত হোৱাৰ বাবে খাৱৈটোত সোমাইছিল ৷ এই দুৰ্ঘটনাটোত বাহনখনৰ ভিতৰত থকা ছয়জন লোক থিতাতে নিহত হৈছে ৷

স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ উল্লেখ্য যে, কানপুৰ দেহাট জিলাৰ ডেৰাপুৰ আৰক্ষী থানা অঞ্চলৰ মুৰা গাঁৱৰ বাসিন্দা পংকজে তেওঁৰ কন্যাৰ তিলকৰ বাবে ইটাৱালৈ গৈছিল । এই অনুষ্ঠানটোৰ পৰা উভতি অহাৰ সময়তে, তেওঁলোকৰ বাহনখন দুৰ্ঘটনাত পতিত হয় ৷

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এক্সকেভেটৰৰে সহায়েৰে খাৱৈত সোমাই যোৱা বাহনখন উলিয়াই ৷ এই দুৰ্ঘটনাটোত দুটা শিশুও বেয়াকৈ আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে বাহনখন উদ্ধাৰ কৰি আহত দুই শিশুক ততালিকে চিকিৎসাৰ বাবে কানপুৰ দেহাটৰ পৰা কানপুৰ নগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । সম্প্ৰতি শিশুকেইটা চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

ইফালে আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আৰক্ষীয়ে মৃতদেহকেইটা চিনাক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । ঘটনাস্থলীত উপস্থিত আৰক্ষী বিষয়াসকলে দুৰ্ঘটনাটোৰ সন্দৰ্ভত স্থানীয় লোকক সোধা পোছা কৰি তদন্ত অব্যাহত ৰাখিছে ৷

বৰষুণৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল । দ্ৰুতবেগী গাড়ীখন নিয়ন্ত্ৰণ কৰিব নোৱাৰি খাৱৈটোত সোমাইছিল ৷ আৰক্ষীয়ে মৃতকৰ ঘৰৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে ৷

লগতে পঢ়ক: বড্ডীৰ পাৰফিউম ফেক্টৰীত তৃতীয় দিনৰ বাবে অব্যাহত উদ্ধাৰ অভিযান, ৫ জন লোকৰ মৃত্যু

Last Updated : Feb 5, 2024, 9:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.