মঙলদৈৰ ২ নং ৱাৰ্ডত সংঘটিত হ’ল এচিড আক্ৰমণৰ ঘটনা - Acid Attack Incident - ACID ATTACK INCIDENT

🎬 Watch Now: Feature Video

thumbnail
এচিড আক্ৰমণৰ ঘটনা (undefined)

By ETV Bharat Assamese Team

Published : April 22, 2024 at 9:22 PM IST

1 Min Read
Choose ETV Bharat

মঙলদৈ, 21 এপ্ৰিল : মঙলদৈৰ 2 নং ৱাৰ্ডত সোমবাৰে সংঘটিত হ’ল এচিড আক্ৰমণৰ ঘটনা ৷ স্বামীয়ে কৰা এচিড আক্ৰমণত আহত হ’ল পত্নী আৰু ভাতৃ ৷ আক্ৰমণৰ বলি দুয়োজনকে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷  

অবৈধ সম্পৰ্কৰ পৰিণতিতে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ এচিড আক্ৰমণ কৰি নিশাই মঙলদৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে অভিযুক্ত আখতাৰ হুছেইন নামৰ ব্যক্তিজনে ৷ দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷  

স্বামী আখতাৰ হুছেইনে পত্নীক আৰু সতীয়া ভাতৃক এচিডেৰে আক্ৰমণ কৰে ৷ পত্নীক শুই থকা অৱস্থাতে আক্ৰমণ কৰাৰ বিপৰীতে ভাতৃক ফোন কৰি মাতি আনি ৰাজপথতে এচিডেৰে আক্ৰমণ কৰে অভিযুক্ত আখতাৰ হুছেইনে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযুক্তই স্পষ্টকৈ কোৱা নাই যদিও পত্নী আৰু সতীয়া ভাতৃৰ মাজত থকা অবৈধ সম্পৰ্কৰ বাবেই এনে ঘটনা সংঘটিত হ’ল বুলি সন্দেহ কৰা হৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ লগতে এচিড লৈ অনা বটলটো নদীৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : শুই থাকোঁতেই হত্যা কৰিছিল স্বামীক; ১৪ বছৰৰ পিচত গ্ৰেপ্তাৰ শিক্ষয়িত্ৰী - Husband Murder

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details