মঙলদৈৰ ২ নং ৱাৰ্ডত সংঘটিত হ’ল এচিড আক্ৰমণৰ ঘটনা - Acid Attack Incident

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 9:22 PM IST

thumbnail

মঙলদৈ, 21 এপ্ৰিল : মঙলদৈৰ 2 নং ৱাৰ্ডত সোমবাৰে সংঘটিত হ’ল এচিড আক্ৰমণৰ ঘটনা ৷ স্বামীয়ে কৰা এচিড আক্ৰমণত আহত হ’ল পত্নী আৰু ভাতৃ ৷ আক্ৰমণৰ বলি দুয়োজনকে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷  

অবৈধ সম্পৰ্কৰ পৰিণতিতে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ এচিড আক্ৰমণ কৰি নিশাই মঙলদৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে অভিযুক্ত আখতাৰ হুছেইন নামৰ ব্যক্তিজনে ৷ দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷  

স্বামী আখতাৰ হুছেইনে পত্নীক আৰু সতীয়া ভাতৃক এচিডেৰে আক্ৰমণ কৰে ৷ পত্নীক শুই থকা অৱস্থাতে আক্ৰমণ কৰাৰ বিপৰীতে ভাতৃক ফোন কৰি মাতি আনি ৰাজপথতে এচিডেৰে আক্ৰমণ কৰে অভিযুক্ত আখতাৰ হুছেইনে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযুক্তই স্পষ্টকৈ কোৱা নাই যদিও পত্নী আৰু সতীয়া ভাতৃৰ মাজত থকা অবৈধ সম্পৰ্কৰ বাবেই এনে ঘটনা সংঘটিত হ’ল বুলি সন্দেহ কৰা হৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ লগতে এচিড লৈ অনা বটলটো নদীৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : শুই থাকোঁতেই হত্যা কৰিছিল স্বামীক; ১৪ বছৰৰ পিচত গ্ৰেপ্তাৰ শিক্ষয়িত্ৰী - Husband Murder

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.