বৰপেটাৰ পাটবাউসীত মা মনসা দেৱীৰ পূজা মহোৎসৱৰ আৰম্ভণি

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 3:53 PM IST

thumbnail

বৰপেটা, ২৯ মাৰ্চ : বৰপেটা জিলাৰ পাটবাউসীত বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীশ্ৰী মা মনসাদেৱীৰ পূজা মহোৎসৱ ৷ পাটবাউসীৰ মা মনসা দেৱী মন্দিৰত আয়োজন কৰা মা মনসাদেৱীৰ পূজা মহোৎসৱ উপলক্ষে বৃহস্পতিবাৰে পানী তোলা পৰ্ব অনুষ্ঠিত কৰা হয় ৷ গাঁওখনৰ জীয়াৰী-বোৱাৰী, কিশোৰ-কিশোৰী তথা পুৰুষ-মহিলাসকলে উপবাসে থাকি হাতে হাতে ঘট, পিতলৰ কলহ লৈ নখান্দা নৈৰ পৰা পানী তুলি মনসা দেৱীৰ মন্দিৰলৈ উভতি আহে ৷ 

ধৰ্মীয় শোভাযাত্ৰাৰে ভক্তিপূৰ্ণভাৱে জীয়াৰী-বোৱাৰী সকলে নৈত পানী তুলিবলৈ যোৱা শোভাযাত্ৰাৰ মুকলি কৰে বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷ পানী তোলা পৰ্বৰ পিচতেই যথাবিহিতভাৱে মা মনসাদেৱীৰ পূজা-অৰ্চনা আৰম্ভ হয় ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা মা মনসা দেৱীৰ পূজা মহোৎসৱ উপলক্ষে নাম প্ৰসংগৰ লগতে আমন্ত্ৰিত শিল্পীৰ বিবিধ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে ৷ 

পূজা মহোৎসৱ উপলক্ষে ভক্তসকলে ধূপ-দীপ জ্বলাই, নৈবেদ্য অৰ্পণ কৰি দেৱীৰ আশীষ প্ৰাৰ্থনা কৰে ৷ মনসা দেৱীৰ পূজা উপলক্ষে মনসা মন্দিৰ চৌহদত ব্যাপক সংখ্যক ভক্তৰ সমাগম হয় ৷

লগতে পঢ়ক: গৃহৰক্ষী জোৱান ৰাতুল গগৈৰ মৃত্যুক কেন্দ্ৰ কৰি দুলীয়াজান আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.