ৰাজ্যজুৰি ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা, বন্ধ পৰিবহন সেৱা

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 8:13 PM IST

thumbnail

আমিনগাঁও, 31 জানুৱাৰী : অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা উত্তৰ পূৱৰ 7 টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহন সেৱা ৷ মঙলবাৰৰ পৰা এই ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহন সেৱা পুনৰ অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা হৈছে  ৷  

উত্তৰ পূৱ পেক্ট ট্ৰেন্সপৰ্টাৰ এছ’চিয়েশ্যনে কেইবা দফীয়া দাবীত ৰূপায়ণ কৰিছে এই ধৰ্মঘট কাৰ্যসূচী ৷ আই অ' চি এল কৰ্তৃপক্ষই নিবিদাৰ সময় এমাহ বৃদ্ধি নকৰি থলুৱা ট্ৰেন্সপ'ৰ্টাৰ সকলক প্ৰৱঞ্চনা কৰাৰ অভিযোগ কৰি এই ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে সংগঠনটোৱে ৷

ধৰ্মঘটৰ ফলত বন্ধ থাকিব উত্তৰ গুৱাহাটী, সৰপাৰা, মিৰ্জা, গোপানাৰী, তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ আৰু দুলীয়াজান বটলিং প্লান্টৰ সম্পূৰ্ণ পৰিবহন সেৱা ৷ ইয়াৰ ফলত ৰাজ্যজুৰি ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : আকৌ অনিৰ্দিষ্ট কাললৈ উত্তৰ-পূব LPG পৰিবহন সন্থাৰ বন্ধ ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.