চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰাথমিক টেট শিক্ষকৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 4:49 PM IST

thumbnail

নলবাৰী, 29 জানুৱাৰী : নলবাৰী জিলাৰ মুকালমুৱাত প্ৰাথমিক টেট শিক্ষকসকলৰ উত্তাল প্ৰতিবাদ । "সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ"ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত বৰক্ষেত্ৰী খণ্ড সমিতিৰ প্ৰাথমিক টেট শিক্ষকসকলে সোমবাৰে বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ চৌহদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰাথমিক টেট শিক্ষকসকলৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰা আৰু চৰকাৰে অপশ্যন নটিফিকেশ্যনৰ জৰিয়তে আদেশ দিয়া বিকল্প বাছনি নীতি বাতিলৰ দাবীত শিক্ষকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰী শিক্ষকসকলে বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ চৌহদ কঁপাই তোলে ৷ শিক্ষকসকলে ক্ষোভ উজাৰি কয় যে, এনেধৰণৰ প্ৰৰোচনামূলক বিকল্প বাছনি নীতি তেওঁলোকে কোনোপধ্যেই মানি নলয় ৷ উল্লেখ্য যে, সমগ্ৰ ৰাজ্যজুৰি আজি প্ৰাথমিক টেট শিক্ষকসকলে প্ৰতিবাদ গঢ়ি তুলিছে ৷ 

লগতে পঢ়ক: আৰক্ষীৰ বেষ্টনী ফালি হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জাঁপ দুধৰ্ষ চোৰাং চিকাৰী জগুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.