ডিব্ৰুগড়ত এসপ্তাহতেই দুটাকৈ নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 9:20 PM IST

thumbnail

মৰাণ, ৩১ জানুৱাৰী: ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বাঘৰ সন্ত্ৰাসত বছৰৰ পাছত বছৰ সমস্যাত পৰিব লগা হৈছে ৰাইজ । ইয়াৰ মাজতেই আজি ডিব্ৰুগড়ৰ বকপৰা চাহ বাগিচাত এটা  প্ৰকাণ্ড নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ হয় । অৰ্ধগলিত অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে নাহৰফুটুকীৰ মৃতদেহটো । পিচত বন বিভাগৰ লোকে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । আনহাতে, তিনি দিন পূৰ্বে ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ পাখৰিজনীয়া গাঁৱতো ৰহস্যজনক ভাৱে উদ্ধাৰ হৈছিল নাহৰফুটুকীৰ মৃতদেহ ।

গাঁওখনৰ চৰণীয়া পথাৰত এগৰাকী মহিলাই খৰি বিচাৰি থাকোতে প্ৰত্যক্ষ কৰে নাহৰফুটুকীৰ মৃতদেহ । দুটাকৈ নাহৰফুটুকীৰ মৃত্যুৰ কাৰণ সম্পৰ্কে জ্ঞাত নহয় বন বিভাগ । এসপ্তাহত দুটাকৈ নাহৰফুটুকীৰ মৃত্যুৰ ঘটনাত প্ৰকৃতিপ্ৰেমী চিন্তিত হৈছে । 

লগতে পঢ়ক:ডিব্ৰুগড়ত মৃত অৱস্থাত নাহৰফুটুকী উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.