ডিব্ৰুগড়ত মৃত অৱস্থাত নাহৰফুটুকী উদ্ধাৰ - Tengakhat Police

🎬 Watch Now: Feature Video

thumbnail
ডিব্ৰুগড়ত মৃত অৱস্থাত নাহৰফুটুকী উদ্ধাৰ (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 10:42 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 27 জানুৱাৰী : শনিবাৰে ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ পাখৰিজনীয়াত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ঘটনা অনুসৰি, গাঁওখনৰ চৰণীয়া পথাৰত এগৰাকী মহিলাই খৰি বিচাৰি থাকোতে বাঘটো মৃত অৱস্থাত প্ৰত্যক্ষ কৰিছিল ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকে টেঙাখাত আৰক্ষীক খবৰ দিয়ে ৷ ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ বাঘটোৰ মৃত্যুৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে, মৃত বাঘটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰত বাঘৰ সন্ত্ৰাসৰ বাবে বছৰৰ পাছত বছৰ সমস্যাত পৰিব লগা হৈছিল ৰাইজ ৷ বন বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তৰত বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও বাঘৰ উপদ্ৰৱ কমা নাছিল ৷ কিন্তু শনিবাৰে আবেলি টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ পাখৰিজনীয়া গাঁৱত ৰহস্যজনক অৱস্থাত মৃত অৱস্থাত নাহৰফুটুকীৰ উদ্ধাৰ হোৱাৰ পাচতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক :আৰম্ভ হ’ল তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details