ETV Bharat / state

আৰম্ভ হ’ল তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 9:18 PM IST

Kokrajhar Literary Festival: শনিবাৰে আৰম্ভ হ’ল তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ ৷ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা উক্ত উৎসৱ উদ্বোধন কৰে অৰুণাচল বিধান সভাৰ অধ্যক্ষই ৷

Kokrajhar Literary Festival
তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ

কোকৰাঝাৰ, ২৭ জানুৱাৰী : কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী গৌৰাং নদীৰ পাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত শনিবাৰৰ পৰা আৰম্ভ হ’ল তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ ৷ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা অৰুণাচল বিধান সভাৰ অধ্যক্ষ পাছাং দৰ্জী সোণাই ৷

Kokrajhar Literary Festival
তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ

তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱত জাপান, ম্যানমাৰ, থাইলেণ্ড, শ্ৰীলংকা, ইষ্টনিয়া, কেনিয়া, বাংলাদেশ, ভূটানকে ধৰি আঠখন বিদেশী ৰাষ্ট্ৰৰ কবি-সাহিত্যিকৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ১৮০ গৰাকী কবি-সাহিত্যিকে অংশগ্ৰহণ কৰিছে ৷ উল্লেখ্য যে সাহিত্য উৎসৱৰ লগত সংগতি ৰাখি ‘লিৰথুমলাই‘ নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰে অৰুণাচল বিধান সভাৰ অধ্যক্ষ পাছাং দৰ্জী সোণাই ৷

Kokrajhar Literary Festival
তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ

কোকৰাঝাৰ সাহিত্য উৎসৱৰ আজিৰ প্ৰথম দিনা কবিতা আবৃত্তি, কবি সন্মিলন, সন্ধিয়া মমবাতি প্ৰজ্বলন আৰু সাংস্কৃতিক আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় ৷ সাহিত্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী উৰ্খাওগৌৰা ব্ৰহ্ম, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য নিলুৎ স্বৰ্গীয়াৰী, আয়োজক সমিতিৰ সভাপতি অনিল বড়ো, বিধায়ক লৰেন্স ইছলাৰীসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷

Kokrajhar Literary Festival
তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ

ইপিনে আয়োজক সমিতিৰ উপ-সভাপতি তথা বিশিষ্ট সাহিত্যিক গোবিন্দ বড়োৱে জানিবলৈ দিয়া মতে এইবাৰ তৃতীয় সংখ্যক সাহিত্য উৎসৱৰ মূল বিষয়বস্তু হৈছে ‘সীমাগৈয়ৗ ফৗচালী নাগিৰনানৗ থাগিবি সুবুংফৰনি ফৰমাইথি’ অৰ্থাৎ ‘সীমাহীন দিগন্তৰ অন্বেষণ স্থানীয় কথোন’ ৷ ২৯ জানুৱাৰীত নৈপৰীয়া সভ্যতাৰ ওপৰত এখন আলোচনাচক্ৰ অনুষ্ঠিত হ’ব ৷

ইয়াৰ বিষয়বস্তু হ’ব Governance and sustainable management . উক্ত আলোচনাচক্ৰত ড৹ বীণা বিদ্যাধৰন, ইমানুৱেল মজিদ খান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ ড৹ অৱনী ভাগৱতীয়ে অংশগ্ৰহণ কৰিব ৷ এইবেলি পোনপ্ৰথমবাৰৰ বাবে গৌৰাং সাহিত্য বঁটাও প্ৰদান কৰা হ’ব ৷ সাহিত্য উৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশিষ্ট কবি সমীৰ তাঁতীয়ে অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিৰ উপ-সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.