শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশন

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 7:42 PM IST

thumbnail

কামপুৰ, 27 জানুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশন ৷ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে চাংচকী শ্ৰীমন্ত শংকৰদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ চতুৰ্দশ বাৰ্ষিক অধিৱেশন ৷

পুৱা অধিৱেশস্থলীত গুৰু আসন প্ৰতিষ্ঠা কৰাৰ পাছতে নাম-কীৰ্তন আৰম্ভ হয় ৷ প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ পাছতে সন্ধিয়া অধিৱেশনস্থলীত অনুষ্ঠিত হ'ব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৷ লগতে লগতে গুৰুজনাৰ সৃষ্টি অংকীয়া ভাওনাও প্ৰদৰ্শন হ’ব ৷

দেওবাৰে ধৰ্মধ্বজা উত্তোলন কৰাৰ পাচত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে বিয়লি মুকলি সভা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বিশিষ্ট কবি, সাহিত্যিক তথা আৰক্ষী বিষয়া নন্দ সিং বৰকলা ৷ 

লগতে পঢ়ক : তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয় মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.