খুমটাইত কংগ্ৰেছ দলত খহনীয়া, নেতা-কৰ্মীৰ পদত্যাগৰ ঢৌ

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 7:25 PM IST

thumbnail

গোলাঘাট, 8 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত কংগ্ৰেছ দলত নেতা-কৰ্মী সকলৰ মাজত দেখা গৈছে অসন্তুষ্টি আৰু বিদ্ৰোহৰ উকমুকনি ৷ দলৰ শীৰ্ষ তথা ৰাজ্যিক তথা জিলা নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন সময়ত অসন্তুষ্টি ব্যক্ত কৰি দলটোৰ বহুতো নেতা-কৰ্মীয়ে পদত্যাগ কৰা পৰিলক্ষিত হৈছে |
এইবাৰ গোলাঘাট জিলাৰ খুমটাইৰ কঠালগুৰি ব্লকত কংগ্ৰেছ দলত পদত্যাগৰ ঢৌ ৷  ব্লক কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ বহু নেতাই আজি দাখিল কৰে পদত্যাগ পত্ৰ ৷ খুমটাইৰ কঠালগুৰি ব্লক কংগ্ৰেছৰ সমিতিখন ভংগ কৰি দিয়াৰ পিছত ক্ষুন্ন হৈ বহু বিষয়ববীয়াই দলটোৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰে ৷  

প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ বিজেপি গমনৰ পিছতেই কংগ্ৰেছত একপ্ৰকাৰ বিসম্বাদে গা কৰি উঠিছে খুমটাই বিধানসভা সমষ্টিত ৷ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠালগুৰি ব্লক কংগ্ৰেছ কমিটিখন প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশমৰ্মে জিলা কংগ্ৰেছে আনুষ্ঠানিকভাৱে বুধবাৰে নিশা ভংগ কৰি দিয়াত ক্ষুন্ন হৈ ব্লক কংগ্ৰেছৰ লগতে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ বহুতো বিষয়ববীয়াই আজি আনুষ্ঠানিকভাৱে পদত্যাগ কৰে ৷ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক চন্দ্ৰ হাতীবৰুৱা, জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অংকুৰ জ্যোতি হাজৰিকা,  ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল ৰাজখোৱাৰ লগতে শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে পদত্যাগ কৰে ৷

লগতে পঢ়ক : লোকসভা নির্বাচন 2024: জয়লাভৰ সম্ভাৱনা থাকিলেহে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে পাব প্ৰাৰ্থিত্ব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.