ETV Bharat / state

লোকসভা নির্বাচন 2024: জয়লাভৰ সম্ভাৱনা থাকিলেহে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে পাব প্ৰাৰ্থিত্ব

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 5:43 PM IST

Updated : Feb 8, 2024, 7:49 PM IST

Lok Sabha Election 2024 : সমাগত লোকসভা নিৰ্বাচন ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আলোক শৰ্মাই কৰিলে বৃহৎ ঘোষণা ... পঢ়ক সবিশেষ

Lok Sabha Election 2024
জয়লাভৰ সম্ভাৱনা থাকিলেহে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে পাব প্ৰাৰ্থিত্ব

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী : প্রদেশ কংগ্ৰেছ কমিটীৰ নিৰ্বাচন কমিটীৰ পেনেলত অন্তর্ভুক্ত হ’লেই আগন্তুক লোকসভা নির্বাচনত দলীয় প্রার্থিত্ব নাপাবও পাৰে। এ আই চি চিৰ কেন্দ্ৰীয় স্ক্রীণিং কমিটীয়ে ইতিমধ্যে ৰাজ্যত সমীক্ষা চলাইছে আৰু এই সমীক্ষাৰ তথ্যৰ সৈতে পেনেলৰ মিল থাকিলেহে কেন্দ্রীয় নির্বাচন কমিটীলৈ তালিকা প্ৰেৰণ কৰা হ’ব । অসম প্রদেশ কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই এই কথা জানিবলৈ দিয়ে ৷

পূৰ্বতে সাধাৰণতে ৰাজ্যিক পেনেলৰ ভিত্তিতে প্রার্থিত্ব চূড়ান্ত কৰা হৈছিল যদিও এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্রার্থিত্ব প্রত্যাশীসকলৰ জয়লাভৰ সম্ভাৱনীয়তা সন্দৰ্ভত নিজাববীয়াকৈ সমীক্ষা চলাইছে । মন কৰিবলগীয়া যে এই কথা কিন্তু কংগ্ৰেছ দলে সংবাদমাধ্যমৰ আগত ৰাজহুৱা কৰা নাই।

উল্লেখ্য যে অসমৰ প্ৰাৰ্থী নির্বাচন সম্পর্কত অহা ৯ ফেব্ৰুৱাৰীত দিল্লীত স্ক্রীণিং কমিটীৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শ‍ইকীয়াইও অংশগ্রহণ কৰিব ।

সূত্ৰটোৱে কয় যে, এই বৈঠকত ঘাইকৈ ৰাজ্যিক নির্বাচন কমিটীৰ পেনেল সম্পৰ্কত আলোচনা কৰা হ'ব । এই পেনেল সম্পর্কত নির্বাচন কমিটীৰ ব্যাখ্যাৰ সৈতে সমীক্ষাৰ তথ্য নিমিলিলে সদ্যহতে চূড়ান্ত পেনেল প্রস্তুত কৰা নহ’বও পাৰে । কিন্তু এইবাৰ বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীক পৰাভূত কৰিব পৰা প্ৰাৰ্থীকহে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব দিয়া হ'ব ৷

এইবাৰ AICC এ প্রার্থিত্ব প্রত্যাশীসকলৰ জয়লাভৰ সম্ভাৱনীয়তা সন্দৰ্ভত নিজাববীয়াকৈ সমীক্ষা চলোৱা সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আলোক শৰ্মাই ই টিভিৰ আগত কয় যে, এইবাৰ নিশ্চিতভাৱে জয়লাভ কৰিব পৰা প্ৰাৰ্থীকহে গুৰুত্ব দিয়া হ'ব । এইবাৰ কংগ্ৰেছৰ পৰা লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব চূড়ান্ত কৰিব বিচৰা প্ৰাৰ্থীসকলৰ নাম পেনেলত থাকিব লাগিব, লগতে তেওঁ বিজেপিৰ বিৰুদ্ধে জয়লাভৰ সম্ভাৱনীয়তা থকা শক্তিশালী প্ৰাৰ্থী হ'ব লাগিব।

ইপিনে, শৰ্মাই কয় যে, অসমত বিৰোধী ঐক্যমঞ্চৰ আসন বুজাবুজিক লৈ কোনো সিদ্ধান্ত হোৱা নাই । যাৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ ক্ষেত্ৰত বিলম্ব হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: অসমৰ চুবুৰীয়া ৰাজ্যৰে সীমাবিবাদ শীঘ্ৰে সমাধা হ'ব; মন্ত্ৰী অতুল বৰা

Last Updated : Feb 8, 2024, 7:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.