ETV Bharat / state

অসমৰ চুবুৰীয়া ৰাজ্যৰে সীমাবিবাদ শীঘ্ৰে সমাধা হ'ব; মন্ত্ৰী অতুল বৰা

author img

By ANI

Published : Feb 8, 2024, 1:55 PM IST

চুবুৰীয়া ৰাজ্যৰে সীমাবিবাদ সন্দৰ্ভত মন্ত্ৰী অতুল বৰা
চুবুৰীয়া ৰাজ্যৰে সীমাবিবাদ সন্দৰ্ভত মন্ত্ৰী অতুল বৰা

Atul Bora on Border Dispute : চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমাবিবাদৰ বাবে পূৰ্বৰ কংগ্ৰেছ শাসনৰ ওপৰত দোষ জাপি দি মন্ত্ৰীগৰাকীয়ে লগতে কয়, "অসমৰ মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে । চৰকাৰৰ ৰাজনৈতিক ইচ্ছাৰ বাবে সমস্যাটো সমাধান হ'বলৈ গৈ আছে ।"

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী : সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই বুধবাৰে কয় যে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমাবিবাদ শীঘ্ৰে সমাধান কৰা হ'ব ।

তেওঁ লগতে কয় যে অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয় চৰকাৰৰ মাজত ইতিমধ্যে কেইবাটাও সিদ্ধান্ত লোৱা হৈছে । "পৰৱৰ্তী আলোচনা চলি আছে ।" অতুলবৰাই কয় ।

"প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে অসম আৰু অন্যান্য চুবুৰীয়া ৰাজ্যসমূহৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমাবিবাদ সমাধানৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে ।" মন্ত্ৰীগৰাকীয়ে কয় ।

আনহাতে, এই সীমাবিবাদৰ বাবে পূৰ্বৰ কংগ্ৰেছ শাসনৰ ওপৰত দোষ জাপি দি মন্ত্ৰীগৰাকীয়ে লগতে কয়, "অসমৰ মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে । চৰকাৰৰ ৰাজনৈতিক ইচ্ছাৰ বাবে সমস্যাটো সমাধান হ'বলৈ গৈ আছে ।"

তেওঁ লগতে কয়, "আমি অৰুণাচল প্ৰদেশ আৰু মেঘালয় চৰকাৰৰ সৈতে এক দিয়া-লোৱা নীতিৰ ওপৰত কাম কৰি আছোঁ ।" দুয়োখন ৰাজ্য চৰকাৰে অসম চৰকাৰৰ সৈতে সীমাবিবাদ সমাধানৰ বাবে আঞ্চলিক সমিতিও গঠন কৰিছে । তেওঁ কয় ।

তেওঁ লগতে কয়, "আমি যুটীয়াভাৱে সীমান্তৱৰ্তী বিবাদ ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰিছোঁ আৰু ভৌগোলিক সংলগ্নতা, প্ৰশাসনিক সুবিধা আৰু জাতিগত তাৎক্ষণিকতা বিবেচনাধীন কৰিছোঁ । ইয়াৰ ওপৰত ভিত্তি কৰি কিছু চৰ্ত প্ৰস্তুত কৰিছোঁ ।"

"এতিয়ালৈকে অৰুণাচল প্ৰদেশ আৰু মেঘালয় চৰকাৰৰ সৈতে কেইটামান সিদ্ধান্ত লোৱা হৈছে । আমি আশাকৰোঁ যে আমি চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমাবিবাদ সমাধান কৰিবলৈ সক্ষম হ'ম ।" অতুল বৰাই কয় ।

আনহাতে, নতুন মিজোৰাম চৰকাৰেও অসমৰ সৈতে সীমাবিবাদৰ সমস্যা সমাধান কৰিবলৈ আগ্ৰহী বুলি তেওঁ প্ৰকাশ কৰে । উল্লেখ্য যে অসমৰ অৰুণাচল প্ৰদেশৰ সৈতে 804 কিলোমিটাৰ দীঘল সীমা আছে । যোৱা বছৰৰ মাৰ্চ মাহত হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই নতুন দিল্লীত গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰথম পৰ্যায়ত সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা ছয়টা বিতৰ্কিত খণ্ডৰ বাবে এক ঐতিহাসিক চুক্তিও স্বাক্ষৰ কৰে ।

লগতে পঢ়ক :তেজপুৰত এছ এছ বিৰ ফাইৰিং ৰেঞ্জৰ গুলীত আঘাতপ্ৰাপ্ত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.