ক’লা বেজ পৰিধান কৰি মৰিগাঁৱত অধিবক্তাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 4:57 PM IST

thumbnail

মৰিগাঁও, 24 জানুৱাৰী : মৰিগাঁৱত ক’লা বেজ পৰিধান কৰি চাৰি ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ অধিবক্তাৰ ৷ জিলা উকীল সন্থাৰ 2024-26 বৰ্ষৰ কাৰ্যকৰী সমিতিৰ মুখ্য নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে আইন বহিৰ্ভূত কাৰ্যৰ অভিযোগত মঙলবাৰে ক’লা বেজ পৰিধান ৷ মৰিগাঁও জিলা উকীল সন্থাৰ নিৰ্বাচনী প্ৰাধিকাৰী বিষয়া হৰেন্দ্ৰ বৰাৰ বিৰুদ্ধে নিৰ্বাচনী আইন বহিৰ্ভূত কাৰ্যৰ অভিযোগ ৷

উত্থাপিত অভিযোগ অনুসৰি মৰিগাঁও জিলা উকীল সন্থাৰ কাৰ্যকৰী সমিতিৰ 2024-26 বৰ্ষৰ বাবে সাধাৰণ সম্পাদকৰ পদ আৰু মহিলাৰ বাবে সংৰক্ষিত আসনৰ বাবে মনোনয়ন দাখিল কৰা দুগৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত তালিকাত প্ৰকাশ নকৰি মঙলবাৰে নিৰ্বাচন অনুষ্ঠিত কৰে ৷ 

সম্পাদকৰ পদ আৰু মহিলাৰ সংৰক্ষিত আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত নকৰাৰ প্ৰতিবাদত মঙলবাৰে একাংশ অধিবক্তাই ক’লা বেজ পৰিধান কৰি 4 ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শীঘ্ৰেই শান্তি-শৃংখলা বজাই ৰাখি পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰে প্ৰতিবাদী অধিবক্তা সকলে ৷ অন্যথা প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সকীয়নি প্ৰদান কৰে ৷ 

লগতে পঢ়ক : মাধ্যম বিতৰ্কক লৈ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় আৰু দক্ষিণ কামৰূপত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.