শিলচৰ-গুৱাহাটী সংযোগী পথত ভূমিস্খলন, আৱদ্ধ শ শ যান-বাহন

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 11:57 AM IST

thumbnail

শিলচৰ, 3 ফ্ৰেব্ৰুৱাৰী : শিলচৰ-গুৱাহাটী সংযোগী 36 নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভূমিস্খলনৰ ঘটনা ৷ এইবাৰ মেঘালয়ৰ সোণাপুৰ সুৰংগৰ সমীপত এই ভূমিস্খলন । উল্লেখ্য যে, নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পুৱাই খহি পৰে পাহাৰৰ এটা অংশ ৷ পাহাৰৰ পৰা খহি পৰা শিল-মাটিৰ ঢলে পুতিলে 36 নং শিলচৰ-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথটো । যাৰ বাবে ঘাইপথটোৰ দুয়োপাৰে এম্বুলেন্সৰ লগতে আৱদ্ধ হৈ পৰিছে শ শ যান-বাহন ৷

ইতিমধ্যে, ঘাইপথৰ পৰা শিল আৰু মাটি আঁতৰোৱাত ব্যস্ত হৈ পৰিছে উদ্ধাৰকাৰী দলে ৷ উল্লেখ্য যে, বিগত বৰ্ষসমূহতো ভুমিস্খলনৰ বাবে গুৱাহাটী-শিলচৰৰ মাজত যাতায়ত ব্যাহত হৈ আহিছে ৷ অবৈধভাৱে পাহাৰৰ মাটি কাটি থকাৰ ফলতে সঘনাই উক্ত পথচোৱাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আহিছে বুলি সচেতন মহলে দাবী কৰে ৷

লগতে পঢ়ক : কাটিগৰাত মৰেল পুলিচিঙৰ সৈতে জড়িত 5 জনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.