চালে চকু ৰোৱা বনৰীয়া ফুলৰ গোলাপী দলিচা

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 1:13 PM IST

thumbnail

বিশ্বনাথ, ৫ ফেব্ৰুৱাৰী :  জামুগুৰিহাটৰ পশ্চিমাঞ্চালত বিস্তীৰ্ণ এলেকাজুৰি এখন পথাৰত সুন্দৰকৈ ফুলি থকা গুলপীয়া বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলৰ দৃষ্টিনন্দন শোভাই এতিয়া মন্ত্ৰমুগ্ধ কৰিছে বাটৰুৱাক । পথৰ কাষেৰে যেনিয়েই চকু যায় সেইপিনেই কেৱল গুলপীয়া আৰু গুলপীয়া । বনৰীয়া ফুলৰ এই শোভাই এতিয়া মতলীয়া কৰিছে সকলোকে ।

সামাজিক মাধ্যমতো ব্যাপকভাৱে ভাইৰেল হৈছে এই বিশেষ অঞ্চলটো ৷ কি স্থানীয় লোক, কি বাটৰুৱা ৷ মুঠতে এখন ছেলফী, এখন ফটো, এটা ভিডিঅ’ বনাবলৈ হেতা-উপৰা লগাইছে পথাৰখনত ৷ এই ফুলৰ মাজত একপি ফটো উঠিবলৈ বিভিন্ন প্ৰান্তৰ পৰা সকলো ঢাপলি মেলিছে জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ বৰাচকুৰ সমীপৰ নিৰ্মিয়মান চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পথাৰখনলৈ । প্ৰত্যেক দিনাই পুৱাৰ পৰা বিয়লিলৈকে ছেলফী জ'নলৈ পৰিণত হৈছে এই বিশেষ অঞ্চলটো ।

লগতে পঢ়ক:  আকৰ্ষণীয় হৈ পৰিছে কাজিৰঙা; বৈচিত্ৰ্যতাই আকৰ্ষিত কৰিছে পৰ্যটকক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.