বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিমগঞ্জ আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 8:14 PM IST

thumbnail

কৰিমগঞ্জ, 6 ফেব্ৰুৱাৰী : সম্প্ৰতি বৰাক উপত্যকা যেন ড্ৰাগছ সৰবৰাহৰ নিৰাপদ কৰিড’ৰত পৰিণত হৈছে । বৰাকৰ কাছাৰ-মিজোৰাম, কাছাৰ-মণিপুৰ আৰু কৰিমগঞ্জ-মিজোৰাম সীমান্তৰে প্ৰায়ে চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু মিজোৰামৰ পৰা কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি থাকে ড্ৰাগছ মাফিয়াই । এই ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই প্ৰতিদিনে জব্দ কৰি আহিছে ড্ৰাগছ ।

এইবাৰ মঙলবাৰে কৰিমগঞ্জ-মিজোৰাম সীমান্তত বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰে কৰিমগঞ্জ আৰক্ষীয়ে । এক গোপন তথ্যৰ ভিত্তিত মিজোৰামৰ পৰা অহা এখন বাহনত তালাচী চলাই আৰক্ষীয়ে বাহনখনৰ গোপন চেম্বাৰৰ পৰা কেবাটাও হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে । বাকচ কেইটাৰ পৰা মুঠ 612 গ্ৰাম হেৰ’ইন জব্দ কৰে ৷ জব্দকৃত হেৰ’ইনখিনিৰ মূল্য কেইবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে । ইতিমধ্যে ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক : গোলাঘাটত মাতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.