ETV Bharat / state

গোলাঘাটত মাতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 2:51 PM IST

Updated : Feb 6, 2024, 2:58 PM IST

Crime in Golaghat: গোলাঘাট জিলাৰ ঢেঁকীয়াল হাবিয়াল গাঁৱত নিশা সংঘটিত হয় এক হত্যাকাণ্ডৰ ঘটনা । কুঠাৰেৰে পুত্ৰৰ মূৰত প্ৰহাৰ কৰাৰ ফলত তেওঁৰ থিতাতে মৃত্য়ু হয় ।

Murder news of Golaghat
গোলাঘাটত হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তেজনা

গোলাঘাটত হত্যাকাণ্ডক কেন্দ্ৰ কৰি উত্তেজনা

গোলাঘাট, ৬ ফেব্ৰুৱাৰী : পুত্ৰৰ ওপৰত কিমান অসন্তুষ্ট হ'লে এগৰাকী মাতৃয়ে সন্তানৰ বিৰুদ্ধে ল'ব পাৰে চৰম সিদ্ধান্ত সেয়া গোলাঘাটত সংঘটিত এক ঘটনাই প্ৰমাণ কৰিছে । জিলাখনৰ ঢেঁকীয়াল হাবিয়াল গাঁৱত সোমবাৰে নিশা সংঘটিত হৈছে তেনে এক ঘটনা । এই ঘটনাত মাতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ । পুত্ৰৰ অত্য়াচাৰে চৰম পৰ্যায়ত উপনীত হোৱাত কনকা ৰাজখোৱা নামৰ মহিলাগৰাকীয়ে পুত্ৰ তপন ৰাজখোৱা ওৰফে জয়ন্তক কুঠাৰেৰে মূৰত প্ৰহাৰ কৰে । নিমিষতে সংঘটিত ঘটনাটোত চকুৰ সন্মুখতে মৃত্য়ু কোলাত ঢলি পৰিল তপন ৰাজখোৱা ।

পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হোৱা কনকা ৰাজখোৱাই কুঠাৰেৰে তপন ৰাজখোৱাৰ মূৰত প্ৰহাৰ কৰাৰ ফলত থিতাতে প্ৰাণ যায় পুত্ৰৰ । লগে লগে স্থানীয় ৰাইজে এই নৃশংস ঘটনাটোৰ বিষয়ে জানিব পাৰি গোলাঘাট থানাৰ আৰক্ষীক খৱৰ দিয়ে । নিশাই ঘটনাস্থলীত উপস্থিত গোলাঘাট আৰু ঢেঁকীয়াল আৰক্ষীৰ এটা দল । আৰক্ষীয়ে তপন ৰাজখোৱাৰ ওৰফে জয়ন্তৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে লগতে হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্ত মাতৃ কনকা ৰাজখোৱাক গ্ৰেপ্তাৰ কৰি সোধা-পোছা আৰম্ভ কৰিছে ।

উল্লেখ্য যে পুত্ৰই কামৰ পৰা আহি মাতৃক চাহ বনাবলৈ কৈ লৈ অনা বন সুমুৱাই ধৰিছিল মাতৃৰ ডিঙিত । তপন ৰাজখোৱাৰ ওৰফে জয়ন্তৰ পুত্ৰই আইতাকক কিয় তেনেদৰে ধৰিছে বুলি সোধাৰ পাছত পুত্ৰকো ডিঙি চেপি ধৰিছিল জয়ন্ত ৰাজখোৱাই । নাতিনীয়েকক বচাবলৈ তপন ৰাজখোৱাক এখন কুঠাৰেৰে মাতৃয়ে প্ৰহাৰ কৰাত নিহত হয় পুত্ৰ জয়ন্ত ৰাজখোৱা । এই হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি বিৰাজ কৰিছে চেপা উত্তেজনা ।

লগতে পঢ়ক:পঞ্চতাৰকা হোটেলত কোনে, কিয় হত্যা কৰিলে মহাৰাষ্ট্ৰৰ সন্দীপক

Last Updated :Feb 6, 2024, 2:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.