কৰিমগঞ্জ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত পুনৰ ভোট গণনাৰ দাবী এবিভিপিৰ

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 12:05 PM IST

thumbnail

কৰিমগঞ্জ, ৬ ফেব্ৰুৱাৰী : কৰিমগঞ্জ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদৰ বাবে পুনৰ ভোট গণনাৰ দাবী উত্থাপিত হৈছে । এই দাবী উত্থাপন কৰি মহাবিদ্যালয়ৰ চৌহদত ধৰ্ণাত বহিল এবিভিপিৰ কৰ্মীসকলে । তথ্য অনুসৰি, তীব্ৰ জল্পনা-কল্পনাৰ অন্তত উত্তেজনাৰ মাজতে সোমবাৰে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন হয় । ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছৰ যুৱ সংগঠন এনএছইউ আইয়ে ৯ খন আসন লাভ কৰে । আনহাতে, নিৰ্বাচনত ৫ খন আসনত জয়লাভ কৰে এবিভিপিৰ প্ৰাৰ্থীয়ে ।

এনএছইউ আইৰ প্ৰাৰ্থী সুস্মিত দেৱে সাধাৰণ সম্পাদক পদৰ বাবে এবিভিপিৰ প্ৰাৰ্থী পঞ্চম দাসক দুটা ভোটৰ ব্যৱধানত পৰাস্ত কৰাৰ পিচৰে পৰা এবিভিপিৰ কৰ্মীসকলে পদটোৰ বাবে পুনৰ গণনাৰ দাবী উত্থাপন কৰি আহিছে । কিন্তু কলেজ কৰ্তৃপক্ষই এইক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

এবিভিপিৰ দাবী মানি নোলোৱাত অৱশেষত মহাবিদ্যালয় চৌহদত সংগঠনটোৰ কৰ্মীসকলে ধৰ্ণাত বহে । মহাবিদ্যালয় কৰ্তৃপক্ষই বিষয়টো সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰি আজি ​​গণনা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও এবিভিপিৰ কৰ্মীসকলে ইয়াক আওকাণ কৰি মহাবিদ্যালয় চৌহদত ধৰ্ণা ৰূপায়ণ কৰে ।

লগতে পঢ়ক:খটখটীত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.