ETV Bharat / state

খটখটীত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 10:24 AM IST

Drugs smuggling in Bokajan
ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা

Anti drugs operation in Assam: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ ইয়াৰ সমান্তৰালকে কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্ততো নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান চলি আছে ৷ ড্ৰাগছ সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰিও ৰক্ষা পৰা নাই ৷

ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা

ডিফু, ৬ ফেব্ৰুৱাৰী : অবৈধ নিচাযুক্ত সামগ্ৰীৰ লগতে অস্ত্ৰ-শস্ত্ৰ, বাৰ্মিজ চুপাৰি সৰবৰাহৰ কৰাৰ বাবে নিৰাপদ ক'ৰিডৰ হিছাপে ব্যৱহাৰ কৰা অসম-নাগালেণ্ড সীমান্তৰ খটখটী, লাহৰিজানত সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি অপৰাধ সংঘটিত কৰিছে ৷ কেতিয়াবা বিলাসী বাহন, সামগ্ৰী ভৰ্তি ট্ৰাক আৰু পদপথেৰে ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা কৰি আহিছে ৷

ইয়াৰ মাজতেই বোকাজান মহকুমাৰ খটখটীত পুনৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ এইবাৰত নৈশ বাছত যাত্ৰী হিছাপে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ অপচেষ্টা কৰি আৰক্ষীৰ জালত পৰিল মণিপুৰৰ এটা কুখ্যাত সৰবৰাহকাৰী ৷

উল্লেখ্য় যে, খটখটী এটা বেংকৰ ওচৰত বোকাজানৰ চক্ৰ পৰিদৰ্শকৰ নেতৃত্বত খটখটী থানাৰ উপ পৰিদৰ্শক আৰু এ ২০ বিএন চিআৰপিএফৰ সহযোগত চলোৱা নিয়মীয়া নাকা তালাচীত সোমবাৰে নিশা ৮ মান বজাত ডিমাপুৰ দিশৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা এ এছ ২৫ এ চি ০০৯৪ নম্বৰৰ নৈশ বাছত তালাচী চলাওঁতে নিচাযুক্ত সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

এই অভিযানকাৰী দলটোৱে নৈশ বাছখনত যাত্ৰী হিছাপে গৈ থকা মণিপুৰৰ মাংখনলাল গুইটে (২৩) নামৰ এটা সৰবৰাহকাৰীয়ে ট্ৰেকিং বেগত লুকুৱাই অনা ১৩ টা চাবোনৰ বাকচত ১৫৪'৭৯ গ্ৰাম হেৰ'ইন আৰু দুটা পেকেটত ১১৭২ '৪২ গ্ৰাম ভাং উদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা নিচাযুক্ত সামগ্ৰীখিনি কাৰ্বি আংলং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) নয়নমণি বৰ্মনৰ উপস্থিতিত জব্দ কৰা হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি কয় কাৰ্বি আংলং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক : পল্টনবজাৰ আৰক্ষীৰ জালত ৫ দুৰ্ধৰ্ষ ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.