ETV Bharat / state

পল্টনবজাৰ আৰক্ষীৰ জালত ৫ দুৰ্ধৰ্ষ ডকাইত

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 7:17 PM IST

Robbery news: ৰাজ্যত বাঢ়িছে ডকাইতিৰ ঘটনা ৷ পল্টনবজাৰ আৰক্ষীয়ে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা ডকাইতৰ দলটোৰ ডকাইতি কাণ্ডৰ শিহৰণকাৰী বিৱৰণ পঢ়ক-
paltanbazar police arrest five dacoits
ডকাইতিৰ ঘটনা

paltanbazar police arrest five dacoits
৫ দুৰ্ধৰ্ষ ডকাইত

গুৱাহাটী, ৫ ফেব্ৰুৱাৰী : পল্টনবজাৰ আৰক্ষীয়ে ধৰা পেলাইছে ৫ টাকৈ দুৰ্ধৰ্ষ ডকাইত । ধৃত ডকাইতকেইটা ক্ৰমে নবিৰুল ইছলাম, বানিছ আলি ওৰফে ৰাহুল আলী আৰু নুৰ মহম্মদ । এই দলটোত দুগৰাকী মহিলাও আছে ৷ শিলিগুৰিৰ মুকেশ চৌধুৰীৰ পৰা এই দুৰ্ধৰ্ষ ডকাইতৰ দলটোৱে চলেৰে লুটিলে আই ফোন, মানিবেগ, এ টি এম আৰু এটা বেগ ।

ঘটনা অনুসৰি, মুকেশ চৌধুৰীক ভতিজাকৰ কইনা দেখুৱাম বুলি লৈ আনিছিল ডকাইতৰ দলটোৰ এগৰাকী মহিলাই । এই মহিলাগৰাকীয়ে তিনিবছৰ পূৰ্বতে শিলিগুৰীৰ এখন পাৰ্লাৰত কাম কৰিছিল । সেই পাৰ্লাৰত কাম কৰি থকাৰ সময়তে এই মহিলাগৰাকীৰ চিনাকী হৈছিল মুকেশ চৌধুৰীৰ সৈতে । ৯ জানুৱাৰীত মুকেশ চৌধুৰী উপস্থিত হৈছিল গুৱাহাটীৰ আই এছ বি টিত ।

আই এছ বি টি ৰ পৰা মুকেশক উলুবাৰীলৈ মাতিছিল এই মহিলাগৰাকীয়ে । উলুবাৰীত নুৰ মহম্মদ নামৰ আন এজন লোকে লগ কৰি এখন হোটেলত ভাত খুৱাই এখন অটোত উঠাই লৈ গৈছিল মুকেশক । এই কাৰ্যত সহযোগ কৰিছিল বানিছ আলী ওৰফে ৰাহুল আলী, নবিৰুল ইছলাম আৰু দলটোৰ আনগৰাকী মহিলাই ।

গোটেই দিনটো অটোত ঘূৰাই ঘূৰাই নিচাযুক্ত দ্ৰব্য খুৱাই অৱেশষত নিশা ৰাষ্ট্ৰীয় ঘাইপথত মুকেশ চৌধুৰীক পেলাই থৈ উধাও হৈছিল তিনি অভিযুক্ত । সচেতন অৱস্থালৈ আহি দহ জানুৱাৰীত মুকেশ ঘূৰি গৈছিল শিলিগুৰীলৈ । ১১ ৰ পৰা ১৪ জানুৱাৰীৰ ভিতৰত মুকেশৰ একাউন্টৰ পৰা ওলাই গৈছিল প্ৰায় ৩.৫০ লাখ টকা । গোটেই ঘটনা সংক্ৰান্তত ২২ জানুৱাৰীত পল্টন বজাৰ থানাত এজাহাৰ দিছিল মুকেশ চৌধুৰীয়ে । আৰক্ষীয়ে ততাতৈয়াকৈ এই ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷ অৱশেষত ৩১ জানুৱাৰীত দৰঙৰ পৰা মূল অভিযুক্ত মহিলাগৰাকী আৰু নুৰ মহম্মদক গ্ৰেপ্তাৰ কৰে পল্টনবজাৰ আৰক্ষীয়ে । ইয়াৰ লগতে আন তিনি অভিযুক্তকো গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : দেৰগাঁৱত পিষ্টল দেখুৱাই চিনেমাৰ কায়দাৰে লুটি নিলে লক্ষাধিক টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.