দেৰগাঁৱত পিষ্টল দেখুৱাই চিনেমাৰ কায়দাৰে লুটি নিলে লক্ষাধিক টকা

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 9:52 PM IST

thumbnail

গোলাঘাট, 5 জানুৱাৰী : দেৰগাঁৱত পিষ্টল দেখুৱাই চিনেমাৰ কায়দাৰে লুটিলে লক্ষাধিক টকা ৷ দেৰগাঁৱত শুকুৰবাৰে সন্ধিয়া প্ৰায় 6.30 বজাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা ৷ পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটিলে লক্ষাধিক টকা ৷ দেৰগাঁও চাৰিআলিৰ সমীপৰ এছ বি আই গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হয় এই ঘটনা ৷

জানিব পৰা মতে এজন যুৱকে মুখত কাপোৰ বান্ধি গ্ৰাহক সেৱা কেন্দ্ৰটোত প্ৰৱেশ কৰি প্ৰথমতে এজন সাধাৰণ গ্ৰাহক হিচাপে ধন জমা থোৱাৰ বিষয়ে কথোপকথন কৰে ৷ তাৰ পিছতেই পিষ্টল উলিয়াই গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্তাধিকাৰী বিজয় শৰ্মাৰ কেছ বক্সত থকা এক লাখ সত্তৰ হেজাৰ টকা লৈ উধাও হয় ৷ সন্ধিয়াৰ ভাগতে সংঘটিত হোৱা এই ঘটনাই দেৰগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাস্থলীত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক : গোৱালপাৰাত ২০ হেজাৰ টকা উৎকোচ লওঁতেই গ্ৰেপ্তাৰ কৃষি বিষয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.