কংগ্ৰেছে নগাঁৱত সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ জামাত-ই-উলেমা-হিন্দৰ - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
জামাত-ই-উলেমা-হিন্দৰ নেতা (undefined)

By ETV Bharat Assamese Team

Published : April 22, 2024 at 9:12 PM IST

|

Updated : April 22, 2024 at 9:29 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও, 22 এপ্ৰিল: বিজেপিৰ শাসনকালত মুছলমান নিৰাপদ বুলিও মন্তব্য কৰিছে জামাত-ই-উলেমা-হিন্দৰ সভাপতি মৌলানা আতাউৰ ৰহমান কাছিমীয়ে । সোমবাৰে নগাঁও প্ৰেছ ক্লাৱত এক সংবাদমেলত বিজেপি চৰকাৰক প্ৰশংসাৰে ওপচাই দিলে জামাত-ই-উলেমা-হিন্দৰ নেতাগৰাকীয়ে । ইপিনে, কংগ্ৰেছৰ বিৰুদ্ধে নগাঁও লোকসভা সমষ্টিত সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে জামাত-ই-উলেমা-হিন্দে । বিজেপি জয়ী হ'লে হিন্দু ৰাষ্ট্ৰ হ'ব বুলি কংগ্ৰেছে অপপ্ৰচাৰ চলোৱা বুলিও অভিযোগ কৰে সংগঠনটোৰ নেতাসকলে ।  

নগাঁৱত এইবাৰ মুছলমানে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক জয়ী কৰাব বুলিও সংগঠনটোৱে দাবী কৰে । সংবাদমেলত সংগঠনটোৰ নেতৃত্বই এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ কয়," আজমলক ভোট দিলে মুছলমানৰ ভোট নষ্ট হ'ব ।" তেওঁলোকে পুনৰ কয় যে কংগ্ৰেছৰ দিনতহে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল । বিজেপিৰ দিনতহে মুছলমানৰ উন্নয়ন হৈছে । লাহৰীঘাটৰ পৰা শিলঘাটলৈ মথাউৰি হৈছে বুলিও তেওঁলোকে মন্তব্য় কৰে ।  

উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈয়ো মুছলমান সমাজক আহ্বান জনায় সংগঠনটোৱে । এই সংবাদমেলত উপস্থিত থাকে মৌলানা কেৰামত আলী, মৌলানা চাবেদ আলী, মৌলানা আনজাৰ হুছেইন আৰু মৌলানা হাফিজ ৰছিদুল ইছলাম ।  

লগতে পঢ়ক:এইখন চান্দা দৌ ধান্ধা লৌ চৰকাৰ: সুপ্ৰীয়া শ্ৰীনাটে - LOK SABHA ELECTION 2024

Last Updated : April 22, 2024 at 9:29 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details