কংগ্ৰেছে নগাঁৱত সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ জামাত-ই-উলেমা-হিন্দৰ - LOK SABHA ELECTION 2024

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 9:12 PM IST

Updated : Apr 22, 2024, 9:29 PM IST

thumbnail

নগাঁও, 22 এপ্ৰিল: বিজেপিৰ শাসনকালত মুছলমান নিৰাপদ বুলিও মন্তব্য কৰিছে জামাত-ই-উলেমা-হিন্দৰ সভাপতি মৌলানা আতাউৰ ৰহমান কাছিমীয়ে । সোমবাৰে নগাঁও প্ৰেছ ক্লাৱত এক সংবাদমেলত বিজেপি চৰকাৰক প্ৰশংসাৰে ওপচাই দিলে জামাত-ই-উলেমা-হিন্দৰ নেতাগৰাকীয়ে । ইপিনে, কংগ্ৰেছৰ বিৰুদ্ধে নগাঁও লোকসভা সমষ্টিত সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে জামাত-ই-উলেমা-হিন্দে । বিজেপি জয়ী হ'লে হিন্দু ৰাষ্ট্ৰ হ'ব বুলি কংগ্ৰেছে অপপ্ৰচাৰ চলোৱা বুলিও অভিযোগ কৰে সংগঠনটোৰ নেতাসকলে ।  

নগাঁৱত এইবাৰ মুছলমানে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক জয়ী কৰাব বুলিও সংগঠনটোৱে দাবী কৰে । সংবাদমেলত সংগঠনটোৰ নেতৃত্বই এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ কয়," আজমলক ভোট দিলে মুছলমানৰ ভোট নষ্ট হ'ব ।" তেওঁলোকে পুনৰ কয় যে কংগ্ৰেছৰ দিনতহে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল । বিজেপিৰ দিনতহে মুছলমানৰ উন্নয়ন হৈছে । লাহৰীঘাটৰ পৰা শিলঘাটলৈ মথাউৰি হৈছে বুলিও তেওঁলোকে মন্তব্য় কৰে ।  

উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈয়ো মুছলমান সমাজক আহ্বান জনায় সংগঠনটোৱে । এই সংবাদমেলত উপস্থিত থাকে মৌলানা কেৰামত আলী, মৌলানা চাবেদ আলী, মৌলানা আনজাৰ হুছেইন আৰু মৌলানা হাফিজ ৰছিদুল ইছলাম ।  

লগতে পঢ়ক:এইখন চান্দা দৌ ধান্ধা লৌ চৰকাৰ: সুপ্ৰীয়া শ্ৰীনাটে - LOK SABHA ELECTION 2024

Last Updated : Apr 22, 2024, 9:29 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.