ETV Bharat / politics

এইখন চান্দা দৌ ধান্ধা লৌ চৰকাৰ: সুপ্ৰীয়া শ্ৰীনাটে - LOK SABHA ELECTION 2024

Congress election meeting: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী সুপ্ৰীয়া শ্ৰীনাটেৰ । হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা সাৰদা কেলেংকাৰী ক'ত গ'ল বুলিও তেওঁ প্ৰশ্ন কৰে ।

Guwahati Lok Sabha constituency
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী সুপ্ৰীয়া শ্ৰীনাটে
author img

By ETV Bharat Assamese Team

Published : April 22, 2024 at 8:41 PM IST

2 Min Read
Choose ETV Bharat
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী সুপ্ৰীয়া শ্ৰীনাটে

গুৱাহাটী, 22 গুৱাহাটী: "এনে কোনো ব্যৱসায় নাই যি ব্যৱসায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পচন্দৰ নহয় ।" এই মন্তব্য় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী সুপ্ৰীয়া শ্ৰীনাটেৰ । সোমবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য় কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে । এই সভাখনত তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য় কৰি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী সুপ্ৰীয়া শ্ৰীনাটেই পুনৰ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হোটেল-ৰিজ'ৰ্টৰ পৰা আৰম্ভ কৰি বাতৰি কাকত, টিভি চেনেললৈ সকলো ব্য়ৱসায় আছে । সোমবাৰে গুৱাহাটী চানমাৰি ক'লনি খেলপথাৰত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি তেওঁ লগতে কয় এইখন চৰকাৰ চান্দা দৌ ধান্ধা লৌ চৰকাৰ । প্ৰধানমন্ত্ৰী মোদীৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ চান্দা দৌ ধান্ধা লৌ চলাই আছে । হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা সাৰদা কেলেংকাৰী ক'ত গ'ল বুলি প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি কয়, "মোদীয়ে এনেকুৱা এটা ৱাচিং মেচিন চলাই আছে য'ত বিজেপিলৈ গ'লে ৱাচিং মেচিনত পৰিস্কাৰ হৈ গংগাজল ছটিয়াই পবিত্ৰ হৈ যায় যায় । "

ইপিনে, বিৰোধী ঐক্যমঞ্চ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে কয়," গুৱাহাটী সমষ্টিৰ বিভিন্ন স্থানলৈ গৈছো, ৰাইজৰ বিপুল সঁহাৰি পাইছো । ৰাইজে আমাক জয়ী কৰাব । ৰাইজে সিদ্ধান্ত সলনি কৰি উজনিত কংগ্ৰেছক ছীট দিছে । অহা ৭ মে'ত আমাক বিপুল ভোটত জয় কৰাব ।" এই নিৰ্বাচনী সভাতেই মীৰা বৰঠাকুৰে প্ৰতিশ্ৰুতি দি কয় যে তেওঁ কোনোদিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেচা-কিনা দগা পাল্লাত নুঠে । তেওঁ কয়," হিমন্ত বিশ্ব শৰ্মাৰ বৰঘৰত যি ফাঁট মেলিছে তাৰ খবৰ পাওঁ । ফাঁট মাৰিবলৈ এমছীল লাগে যদি আমাৰ পৰা লওক ।"

এই প্ৰচাৰ অভিযানত বিজেপিক পৰাভূত কৰি কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক জয় কৰোৱা শ্লোগান দিয়ে তেওঁৰ সমৰ্থকসকলে । নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানী সভাত ৰাষ্ট্ৰীয় নেত্ৰী সুপ্ৰীয়া শ্ৰীনাটেৰ লগতে মহিমা সিং, বুদ্ধিজীৱী হীৰেন গোঁহাই, ৰাইজৰ দলৰ লগতে আন বহু কেইটা দল-সংগঠনৰ কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:বিশাল সমদল কৰি মীৰা বৰঠাকুৰৰে দাখিল কৰিলে মনোনয়ন পত্ৰ - Lok Sabha Election 2024