Bihar Election Results 2025

ETV Bharat / politics

বিশাল সমদল কৰি মীৰা বৰঠাকুৰৰে দাখিল কৰিলে মনোনয়ন পত্ৰ - Lok Sabha Election 2024

মনোনয়ন পত্ৰ দাখিল কৰিলে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে ৷ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত দেখা গ’ল বিশাল ৰেলী ৷ উপস্থিত থাকিল মহিলা কংগ্ৰেছৰ ৰা৷ষ্ট্ৰীয় সভানেত্ৰীও ৷

MIRA BORTHAKUR
মীৰা বৰঠাকুৰৰে দাখিল কৰিলে মনোনয়ন পত্ৰ
author img

By ETV Bharat Assamese Team

Published : April 16, 2024 at 4:52 PM IST

2 Min Read
Choose ETV Bharat
মীৰা বৰঠাকুৰৰে দাখিল কৰিলে মনোনয়ন পত্ৰ

গুৱাহাটী, ১৬ এপ্ৰিল: গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সোমবাৰে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা বিশাল সমদল কৰি বৰঠাকুৰে গণেশগুৰি হৈ হেঙেৰাবাৰীত থকা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ গৈ জিলা ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ।

উল্লেখ্য যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰ দাখিলৰ‌ সময়ত কংগ্ৰেছৰ কৰ্মীসকলৰ লগতে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি আই আৰু চি পি আই এম এল আদি দলৰ কৰ্মীসকলে নিজ নিজ দলৰ পতাকা লৈ বৰঠাকুৰক সমৰ্থনত সমদল কৰি যায় । মীৰা বৰঠাকুৰে মনোনয়ন দাখিল কৰাৰ সময়ত কংগ্ৰেছৰ মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী অলকা লাম্বা, কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, জাকিৰ হুছেইন চিকদাৰ, সাংসদ অজিত কুমাৰ ভূঞা, ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইন, চি পি আই এলৰ নেতা পংকজ দাস আদি উপস্থিত থাকে ।

মনোনয়ন পত্ৰ দাখিল কৰা মীৰা বৰঠাকুৰে কয়, ‘‘ৰাতিপুৱা ঈশ্বৰক প্ৰাৰ্থনা জনাই ঘৰৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ওলাই আহিছোঁ । জয়ী হোৱাৰ ক্ষেত্ৰত যথেষ্ট আশাবাদী । ৰাইজ আজি মোৰ সমৰ্থনত ওলাই আহিছে । দেশত এখন মুক্ত চৰকাৰ, মূল্যবোধৰ চৰকাৰ গঠন কৰাৰ বাবে আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈছোঁ ।’’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটী আগমনক লৈ তেওঁ কয়, ‘‘মোদী অহাৰ বাবে সকলোতে বেৰিকেড দিছে । জি এছ ৰোডটো বন্ধ কৰিছে । মানুহক হাৰাশাস্তি কৰা প্ৰধানমন্ত্ৰী আমাক নালাগে । বেৰিকেড নথকা এজন প্ৰধানমন্ত্ৰীৰ বাবে আমাৰ এই যুঁজ ৷’’

লগতে পঢ়ক: কিমান শিক্ষাগত অৰ্হতা আৰু ধনবল লৈ ডিফু লোকসভা সমষ্টিত অৱতীৰ্ণ ৫ প্ৰাৰ্থী ?