ETV Bharat / politics

কিমান শিক্ষাগত অৰ্হতা আৰু ধনবল লৈ ডিফু লোকসভা সমষ্টিত অৱতীৰ্ণ ৫ প্ৰাৰ্থী ? - Lo Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 3:18 PM IST

DIPHU LOK SABHA CONSTITUENCY
ডিফু লোকসভা সমষ্টি

ডিফুত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণত অৱতীৰ্ণ পাঁচগৰাকী প্ৰাৰ্থীৰ তিনিগৰাকী কোটিপতি । দুগৰাকী প্ৰাৰ্থীৰ পত্নী অধিক সম্পত্তিশালী । এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গোচৰ । দুগৰাকী প্ৰাৰ্থী স্নাতকোত্তৰ ডিগ্ৰীধাৰী । এগৰাকী ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ আৰু আনগৰাকী বুৰঞ্জীৰ স্নাতকোত্তৰ ।

গুৱাহাটী, ১৬ এপ্ৰিল: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে পাহাৰীয়া ডিফু লোকসভা সমষ্টি । ২৬ এপ্ৰিলত ডিফুৰ লগতে দৰং-ওদালগুৰি, নগাঁও, কৰিমগঞ্জ আৰু শিলচৰত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ইতিমধ্যে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । ডিফু সমষ্টিত এইবাৰ পাঁচগৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে । প্ৰার্থীসকল হৈছে বিজেপিৰ অমৰছিং তিছ’, কংগ্ৰেছৰ জয়ৰাম ইংলেং, এ এছ ডি চিৰ জৎছন বে', গণ সুৰক্ষা পার্টীৰ জন বাৰ্নাড চাংমাই আৰু নিৰ্দলীয় প্ৰাৰ্থী জন ইংতি কাথাৰ ।

সমষ্টিটোত অৱতীৰ্ণ হোৱা পাঁচগৰাকী প্ৰাৰ্থীৰ ভিতৰত সবাটোকৈ বেছি সম্পত্তিশালী প্ৰাৰ্থীগৰাকী হৈছে বিজেপিৰ অমৰছিং তিছ' । তেওঁ শপতনামাত দাখিল কৰা তথ্য অনুসৰি তেওঁৰ নগদ ধন আছে ৩ লাখ ৫৮ হাজাৰ ১৫০ টকা । বেংকত আছে ৫ কোটি ১৪ লাখ ৩২ হাজাৰ ৭৭৬ টকা । পত্নীৰ নগদ ধন আছে ২ লাখ ৯৯ হাজাৰ ৬৩০ টকা আৰু বেংকত আছে ৪ লাখ ৭০ হাজাৰ ৫৬৬ টকা । পুত্ৰৰ নামত বেংকত আছে ১৬ লাখ ২ হাজাৰ ৮৬৪ টকা । অমৰছিং তিছ'ৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৮,১৮,২৯,৫২৯ টকা । ইয়াৰে অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৭,০৩,২৪,০৫৭ টকা । পত্নীৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৪০,৬১,৫০২ টকা ।

আনহাতে তেওঁৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১১,১৫,০৫,৪৭২ টকা আৰু পত্নীৰ স্থাৱৰ সম্পত্তিত পৰিমাণ হৈছে ৩,৮০,৯৩,৭৯৪ টকা । উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং টিছ’ৰ পত্নী এগৰাকী এ চি এছ বিষয়া । আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী কংগ্ৰেছৰ জয়ৰাম ইংলেঙৰ নগদ জমা ধন আছে ৪০ লাখ টকা ।

পত্নীৰ নামত নগদ ধন আছে ৩৫ হাজাৰ টকা । জয়ৰাম ইংলেঙৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৬৪,৪৫,২২৮ টকা । ইয়াৰে অস্থাৱৰ সম্পত্তিৰ মূল্য ২১,৮৫,২২৮ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৪২,৭০,০০০ টকা । তেওঁৰ পত্নীৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১,৭৮,০০০ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২,৫০,০০০ টকা ।

সেইদৰে এ এছ ডি চিৰ প্ৰাৰ্থী জৎছন বে’ৰ নগদ ধন আছে ৫০ হাজাৰ টকা । তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৪৬,৫৭,১৭১ টকা । ইয়াৰে অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৪,৫৭,১৭১ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৪২ লাখ টকা । গণ সুৰক্ষা পার্টীৰ জন বাৰ্নাড চাংমাইৰ নগদ ধন আছে ৫০ হাজাৰ টকা । তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮০,৮৫,৭৪৭ টকা ।

ইয়াৰে অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩১,৪১,৭৪৭ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৪৯,৪৪,০০০ টকা । তেওঁৰ দিবলগীয়া ধনৰ পৰিমাণ হৈছে ৭,৪৫,০৮৯ টকা । আনহাতে তেওঁৰ পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১,৭৭,৩৬,০৩৭ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৯৩,৬২,৬০২ টকা । সম্পত্তিৰ দিশৰ পৰা জন বাণাৰ্ড চাংমাইৰ তুলনাত তেওঁৰ পত্নী অধিক সম্পত্তিশালী ।

ইফালে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা জন ইংতি কাথাৰৰ নগদ ধন আছে ৪০ হাজাৰ টকা । তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১,২৭,৯৭,৫৫৯ কোটি টকা । ইয়াৰে অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪১,৫৭,৫৫৯ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৮৬,৪০,০০০ টকা । তেওঁৰ পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১,৪৯,৯৮,৩১৪ টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ২৫ লাখ টকা । সম্পত্তিৰ ফালৰ পৰা জন ইংতি কাথাৰৰ পত্নী অধিক বৈভৱশালী ।

ইফালে ডিফু সমষ্টিত অৱতীৰ্ণ হোৱা পাঁচগৰাকী প্ৰাৰ্থীৰ ভিতৰত দুগৰাকী প্ৰাৰ্থী স্নাতকোত্তৰ ডিগ্ৰীধাৰী । গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী জন বাৰ্নাড চাংমা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰীধাৰী । তেওঁ ১৯৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । সেইদৰে নিৰ্দলীয় প্ৰাৰ্থী জন ইংতি কাথাৰ ইতিহাসৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী । তেওঁ ১৯৭৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ।

আনহাতে এ এছ ডি চিৰ প্ৰাৰ্থী জৎছন বে' উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ । তেওঁ ১৯৮৪-৮৫ চনত ডিফু চৰকাৰী কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হয় । সেইদৰে বিজেপিৰ প্ৰাৰ্থী অমৰছিং টিছ' ছিনিয়ৰ স্কুল ছেকেণ্ডেৰী পৰীক্ষা (এছ এছ এছ ই) উত্তীৰ্ণ । তেওঁ ১৯৮৩ চনত নেশ্যনেল ইনষ্টিটিউট অব অপেন স্কুলিঙৰ পৰা এছ এছ এছ ই উত্তীৰ্ণ হয় ।

আনহাতে কংগ্ৰেছৰ জয়ৰাম ইংলেং মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ । তেওঁ ১৯৮৩ চনত কাৰ্বি আংলঙৰ চৰকাৰী লৰা হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হয় । ডিফু সমষ্টিৰ পাঁচগৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে থানাত গোচৰ আছে । তেওঁ হৈছে নিৰ্দলীয় প্ৰাৰ্থী জন ইংতি কাথাৰ ।

লগতে পঢ়ক: নগাঁৱত ১২০ বছৰ উৰ্ধৰ কিমান ভোটাৰ আছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.