ETV Bharat / politics

নগাঁৱত ১২০ বছৰ উৰ্ধৰ কিমান ভোটাৰ আছে ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 2:32 PM IST

Lok Sabha Election 2024: এইবাৰ লোকসভা নিৰ্বাচনত নগাঁও জিলাত ভোটাৰ তালিকাত কিমানগৰাকী নতুন ভোটাৰ সন্নিৱিষ্ট হৈছে ? জিলাখনত ১২০ বছৰৰো অধিক বয়সৰ ভোটাৰ কিমান আছে ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

Lok Sabha Election 2024
নগাঁৱত ১২০ বছৰ উৰ্ধৰ কিমান ভোটাৰ আছে

নগাঁও, ১৬ এপ্ৰিল : সমাগত দেশৰ সাধাৰণ নিৰ্বাচন । লোকসভা নিৰ্বাচনৰ বাবে প্ৰায় সম্পূৰ্ণ সাজু হৈছে দেশৰ নিৰ্বাচন আয়োগ । এইবাৰ লোকসভা নিৰ্বাচনত ভোটদানৰ বাবে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হৈছে বহু নতুন ভোটাৰৰ । একেদৰে ভোটদান কৰিব সৰ্বাধিক বয়সৰ বহু ভোটাৰেও ।

অসমৰ নগাঁৱতে ১২০ বছৰৰো অধিক বয়সৰ আছে বহু ভোটাৰ । ইটিভি ভাৰতে লাভ কৰা তথ্য অনুসৰি নগাঁও জিলাৰ মুঠ ৭ টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৫,০৪,৯৯৬ টা । নগাঁও জিলাৰ অধীনৰ তথা বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিৰ অধীনৰ ধিং বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,২২,২৬৩ টা, ৰূপহীহাট বিধানসভা সমষ্টিত ২,১৬,৫৩৭ টা, চামগুৰি বিধানসভা সমষ্টিত ২,১৩,১৩০ টা, নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিত ২,০১,৩৯২ টা, ৰহা বিধানসভা সমষ্টিত ২,৩৮,০৮১ টা ।

একেদৰে কাজিৰঙা লোকসভা সমষ্টিৰ নগাঁও জিলাৰ অধীনৰ কলিয়াবৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৮৪,৭১৭ টা আৰু বঢ়মপুৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২,২৮,৮৭৬ টা । নগাঁও জিলাৰ এই ৭ টাকৈ বিধানসভা সমষ্টিত নতুন ভোটাৰ হিচাপে নাম অন্তৰ্ভুক্ত হৈছে ৩১,০৯২ টা । অৰ্থাৎ ১৮ ৰ পৰা ১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা ৩১,০৯২ টা ।

জিলাখনৰ ধিং বিধানসভা সমষ্টিত নতুন ভোটাৰৰ সংখ্যা ৫,০৫০ টা, ৰূপহীহাট বিধানসভা সমষ্টিত ৬,০৯৩ টা, কলিয়াবৰ বিধানসভা সমষ্টিত ৩,৫৮২ টা, চামগুৰি বিধানসভা সমষ্টিত ৫,১২৮ টা, বঢ়মপুৰ বিধানসভা সমষ্টিত ৩,৯৪৬ টা, নগাঁও-বটদ্ৰৱা সমষ্টিত ৩,৪০৩ টা আৰু ৰহা বিধানসভা সমষ্টিত নতুন ভোটাৰৰ সংখ্যা হৈছে ৩,৮৯০ টা । একেদৰে জিলাখনত ২০ বছৰৰ পৰা ২৯ বছৰ পৰ্যন্ত বয়সৰ ভোটাৰৰ সংখ্যা হৈছে ৪,৪৬,৬৪১ টা ।

তথ্য অনুসৰি ৩০ বছৰ বয়সৰ পৰা ৩৯ বছৰ বয়সলৈকে জিলাখনৰ ৭টা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ৩,৫২,৭৮৪ টা । ৪০ বছৰৰ পৰা ৪৯ বছৰ বয়সলৈকে জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা ২,৮৫,১১৩ টা । ৫০ বছৰ বয়সৰ পৰা ৫৯ বছৰ বয়সলৈকে মুঠ ভোটাৰৰ সংখ্যা ২,০৭,১২০ টা । ৬০ বছৰৰ পৰা ৬৯ বছৰ বয়সলৈকে মুঠ ভোটাৰৰ সংখ্যা ১,১৬,১৮৮ টা ।

৭০-৭৯ বছৰ বয়সলৈকে নগাঁও জিলাৰ মুঠ ভোটাৰ ৪৭,৮৬০ টা । ৮০-৮৯ বছৰ বয়সলৈকে মুঠ ভোটাৰ ১৫,১৭৮ টা । ৯০ বছৰ বয়সৰ পৰা ৯৯ বছৰ বয়সলৈকে নগাঁৱত আছে ২,৬৪৪ টা ভোটাৰ । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৮৭ টা আৰু মহিলা ভোটাৰৰ সংখ্যা ১,৫৫৭ টা । একেদৰে জিলাখনত ১০০ বছৰৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা হৈছে ৩২৬ টা ।

১০০ বছৰৰ পৰা ১০৯ বছৰ বয়সলৈকে জিলাখনত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ১২৭ টা আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ১৯৯ টা । আনকি জিলাখনত ১১০ বছৰ উৰ্ধৰ বয়সৰ ভোটাৰৰ সংখ্যা হৈছে ১১ টা । জিলাখনত ১১০ বছৰৰ পৰা ১১৯ বছৰ বয়সলৈকে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৪ টা আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৭ টা । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত ৭ টাকৈ বিধানসভা সমষ্টিৰে গঠিত নগাঁও জিলাত ১২০ বছৰ উৰ্ধৰো আছে বহুকেইগৰাকী ভোটাৰ ।

১২০ বছৰ উৰ্ধৰ মুঠ ৩৯ গৰাকী ভোটাৰ আছে নগাঁও জিলাত । ইয়াৰে ৰূপহীহাট বিধানসভা সমষ্টিত আছে ১৪ গৰাকী । ৰূপহীহাট বিধানসভা সমষ্টিত পুৰুষ ভোটাৰ ৭ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰো আছে ৭ গৰাকী । কলিয়াবৰ বিধানসভা সমষ্টিত ১২০ বছৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা ৮ টা । কলিয়াবৰ বিধানসভা সমষ্টিত এগৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে ৭ গৰাকী আছে মহিলা ভোটাৰ ।

একেদৰে চামগুৰি বিধানসভা সমষ্টিত এগৰাকী মহিলা ভোটাৰ আছে ১২০ বছৰ উৰ্ধৰ । একেদৰে বঢ়মপুৰ বিধানসভা সমষ্টিত ১২০ বছৰ উৰ্ধৰ ভোটাৰ আছে ৮ টা । ইয়াৰে ৩ গৰাকী পুৰুষ ভোটাৰ আৰু ৫ গৰাকী মহিলা ভোটাৰ । নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত ১২০ উৰ্ধৰ ভোটাৰ আছে এগৰাকী পুৰুষ ভোটাৰ আৰু ৰহা বিধানসভা সমষ্টিত ৭ গৰাকী ১২০ বছৰ উৰ্ধৰ ভোটাৰ আছে ।

ইয়াৰে ২ গৰাকী পুৰুষ আৰু ৫ গৰাকী মহিলা ভোটাৰ । উল্লেখ্য যে, বয়োজ্যেষ্ঠ ভোটাৰৰ ভোটদানৰ বাবে নিৰ্বাচন আয়োগ তথা স্থানীয় জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা কৰা বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক:১৪ টা সমষ্টিতেই যোগ্য প্ৰাৰ্থী প্ৰদান কৰা হৈছে: ভূপেন বৰা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.