৫ দিনীয়া কাৰ্যসূচীৰে বৰপেটাত আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 11:13 AM IST

thumbnail

বৰপেটা,১ ফেব্ৰুৱাৰী: বৰপেটাৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান মুখাৰ উদ্যোগত আৰম্ভ হ'ব আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ । ৰূপালী জয়ন্তী বৰ্ষ আৰু আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ সন্দৰ্ভত বুধবাৰে বৰপেটা প্ৰেছ ক্লাবত সংবাদ মেল অনুষ্ঠিত কৰে মুখা বৰপেটাই ৷ মুখা বৰপেটাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া ৰূপালী জয়ন্তী বৰ্ষৰ অন্তিম কাৰ্যসূচী, বিষ্ণু-জ্যোতি আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ বৰপেটা জিলা পুথিভঁ‌ৰাল প্ৰেক্ষাগৃহত অহা ৩,৪,৫ আৰু ৬ ফেব্ৰুৱাৰীত অনুস্থিত হ'ব ।  

অসমৰ লগতে বাংলাদেশ, মুম্বাই, চিকিমৰ দৰে আগশাৰীৰ নাট্যদলে অংশগ্ৰহণ কৰিব নাট্য সমাৰোহত । ৰূপালী জয়ন্তী উপলক্ষে ৬ ফেব্ৰুৱাৰী নিশা এক বিশেষ অনুষ্ঠান ৰূপাংকিতা পাপৰি শৰ্মাৰ গীতৰ শৰাই অনুষ্ঠিত হ'ব । লগতে এক বিশেষ কলা-বীথিকাৰ আয়োজন কৰে মুখা বৰপেটাই । অসমৰ প্ৰতিষ্ঠিত হাবচ আৰ্টে সজাব কলা-বীথিকা । আটাইকেইদিনৰ কাৰ্যসূচীলৈ অসমবাসী ৰাইজক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে মুখাই । 

লগতে পঢ়ক: গোলাঘাটৰ মৰঙিত ব্যতিক্ৰমী নাট্যানুষ্ঠান, পথাৰ নাটৰ আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.