গোলাঘাটৰ মৰঙিত ব্যতিক্ৰমী নাট্যানুষ্ঠান, পথাৰ নাটৰ আয়োজন

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 10:45 PM IST

thumbnail

গোলাঘাট, 25 জানুৱাৰী : গোলাঘাটৰ মৰঙিৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিশাল পথাৰৰ পুষ্প বিলাস বৈকুণ্ঠ ক্ষেত্ৰত 26 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব পথাৰ নাট ৷ এই অনুষ্ঠান উপলক্ষে এতিয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ এই নাট অনুষ্ঠানক কেন্দ্ৰ কৰি উদ্যোক্তা তথা স্থানীয় ৰাইজ ব্যস্ত হৈ পৰিছে ৷

মৰঙিৰ আৰোহণ আৰু মইৰং ৰংগমঞ্চৰ উদ্যোগত 26 আৰু 27 জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই নাট্যানুষ্ঠান ৷ ইতিমধ্যে 27 টা দলে নাট পৰিৱেশনৰ বাবে পঞ্জীয়ন কৰিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷ এই অনুষ্ঠানতে বিশিষ্ট সমাজকৰ্মী ইমৰান হুছেইনক সম্বৰ্ধনা জনোৱাৰ লগতে কেইবাগৰাকীও প্ৰবীণ নাট্যশিল্পীক সম্বৰ্ধনা জনাব উদ্যোক্তা সকলে ৷ এই ব্যতিক্ৰমী অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে ৷

লগতে পঢ়ক : তিনি মিচিং জাতীয় সংগঠনৰ নতুন সমিতি গঠন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.