হোজাইত বনবিভাগৰ অভিযানত জব্দ লক্ষাধিক টকাৰ কাঠ

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 12:42 PM IST

thumbnail

হোজাই, 28 জানুৱাৰী: দেওবাৰৰ পুৱতি নিশা লংকা বন বিভাগৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চেগুন কাঠ । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকা আঞ্চলিক বনবিভাগে লংকাৰ জাৰণি গাঁৱত নিশা চলাইছিল নিয়মীয়া তালাচী অভিযান । সেই সময়তে, কাঠ ভৰ্তি এখন বলেৰ’ পিক ভান বন বিভাগৰ লোকৰ সমুখেৰে পাৰ হৈ যায় ।

ইয়াৰ কিছু সময়ৰ পিচতে বাহনখনত থকা আহাত আৰু তেওঁৰ লগত থকা কেইজনমান লোক আৰু বনকৰ্মীৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় । পিছত, বনবিভাগৰ লোকসকলে আহাত নামৰ লোকজনৰ ঘৰত অভিযান চলোৱাত আহাতৰ ঘৰৰ চৌহদ, পুখুৰী আদিৰ পৰা বহু পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা, অন্যান্য কাঠ আদি জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত চেগুনখিনিৰ বজাৰ মূল্য প্ৰায় 5/6 লাখ টকা হ’ব বুলি বিভাগে জানিবলৈ দিয়ে । 

উক্ত জব্দকৃত চেগুনখিনি লংকা বনবিভাগৰ কাৰ্যালয়লৈ লৈ অনা হয় । আনহাতে, সামগ্রিক অভিযানত কোনো চোৰাং কাঠ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল বনবিভাগৰ লোকে ।

লগতে পঢ়ক: নলবাৰীত সন্দেহজনক নাগৰিকৰ খিলঞ্জীয়াৰ ভূমি বেদখল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.