হোজাইত বনবিভাগৰ অভিযানত জব্দ লক্ষাধিক টকাৰ কাঠ - Wood Smuggling In assam

🎬 Watch Now: Feature Video

thumbnail
হোজাইত বনবিভাগৰ অভিযানত জব্দ লক্ষাধিক টকাৰ কাঠ (undefined)

By ETV Bharat Assamese Team

Published : January 28, 2024 at 12:42 PM IST

1 Min Read
Choose ETV Bharat

হোজাই, 28 জানুৱাৰী: দেওবাৰৰ পুৱতি নিশা লংকা বন বিভাগৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চেগুন কাঠ । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকা আঞ্চলিক বনবিভাগে লংকাৰ জাৰণি গাঁৱত নিশা চলাইছিল নিয়মীয়া তালাচী অভিযান । সেই সময়তে, কাঠ ভৰ্তি এখন বলেৰ’ পিক ভান বন বিভাগৰ লোকৰ সমুখেৰে পাৰ হৈ যায় ।

ইয়াৰ কিছু সময়ৰ পিচতে বাহনখনত থকা আহাত আৰু তেওঁৰ লগত থকা কেইজনমান লোক আৰু বনকৰ্মীৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় । পিছত, বনবিভাগৰ লোকসকলে আহাত নামৰ লোকজনৰ ঘৰত অভিযান চলোৱাত আহাতৰ ঘৰৰ চৌহদ, পুখুৰী আদিৰ পৰা বহু পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা, অন্যান্য কাঠ আদি জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত চেগুনখিনিৰ বজাৰ মূল্য প্ৰায় 5/6 লাখ টকা হ’ব বুলি বিভাগে জানিবলৈ দিয়ে । 

উক্ত জব্দকৃত চেগুনখিনি লংকা বনবিভাগৰ কাৰ্যালয়লৈ লৈ অনা হয় । আনহাতে, সামগ্রিক অভিযানত কোনো চোৰাং কাঠ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল বনবিভাগৰ লোকে ।

লগতে পঢ়ক: নলবাৰীত সন্দেহজনক নাগৰিকৰ খিলঞ্জীয়াৰ ভূমি বেদখল

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details