নলবাৰীত অবৈধ বিলাতী সুৰাসহ সৰবৰাহকাৰীক আটক

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 8:33 AM IST

thumbnail

নলবাৰী, ৮ ফেব্ৰুৱাৰী: ড্ৰাগছ, গাঞ্জা তথা অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । এইবাৰ নলবাৰীত চলিল অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান । অভিযানত জব্দ বুজন পৰিমাণৰ অবৈধ বিলাতী সুৰাসহ গাঞ্জা । আটক হয় এটা সৰবৰাহকাৰী । নলবাৰী জিলাৰ মুকালমুৱাৰ জয়সাগৰত মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৮০ টা অবৈধ বিলাতী সুৰাৰ বটলৰ লগতে ২ কিলোগ্ৰাম গাঞ্জা । 

জয়সাগৰৰ ৰাজেন ডেকা নামৰ লোকজনে নিজ গৃহতে মজুত কৰি ৰাখিছিল অবৈধ সুৰা আৰু গাঞ্জাখিনি । মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই অবৈধ সুৰা আৰু গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰে ৰাজেন ডেকাক । ধৃত ৰাজেন ডেকাই পূৰ্বৰে পৰা চলাই আহিছিল অবৈধ সুৰাসহ ভাঙৰ সৰবৰাহ ।

লগতে পঢ়ক: ৰাজ্যত আছে তিনি সহস্ৰাধিক সুৰাৰ দোকান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.